ETV Bharat / state

Mid day meal workers union: প্ৰাপ্য মজুৰি নিদিলে আন্দোলনৰ হুংকাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ - Mid day mill union press meet at Rangia

চৰকাৰে এক্সিছ বেংকৰ জৰিয়তে মাননীৰ ধন বিতৰণ কৰি আহিছে যদিও বেংক কৰ্তৃপক্ষৰ অকৰ্মন্যতাৰ বাবে সকলো কৰ্মীয়ে একে সময়তে ধন লাভ নকৰাৰ অভিযোগ উত্থাপন উঠিছে ৷

Mid day mill union press meet at Rangia
Mid day mill union press meet: প্ৰাপ্য মজুৰি নিদিলে আন্দোলনৰ হুংকাৰ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ
author img

By

Published : Dec 10, 2022, 9:30 PM IST

Mid day mill union press meet: প্ৰাপ্য মজুৰি নিদিলে আন্দোলনৰ হুংকাৰ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ

ৰঙিয়া, 10 ডিচেম্বৰ: "আমাৰ যি মাননী সেই মাননী মাহে মাহে নিদিয়ে ৷ যোৱা অক্টোবৰ মাহত আমি আন্দোলন কৰাৰ পিছত জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই দুটা মাহৰহে মাননী দিলে ৷ চৰকাৰখনে আমাক ৰন্ধনকৰ্মী সকলক বাৰম্বাৰ বঞ্চিত কৰি আহিছে ৷ আমাৰ বকেয়া মাননী আছিল 8 মাহৰ, কিন্তু আমাক পইচা দিছে 5 মাহৰ ৷ এতিয়া আমি এই তিনিমাহৰ পইচাৰ কাৰণেও আন্দোলন কৰিব লাগিব ৷ ৰন্ধনকৰ্মীসকলক অসম চৰকাৰে খুব কমেও 7000 টকাকৈ মাননী প্ৰদান কৰাৰ ব্যৱস্থা কৰক ৷ ইয়াৰোপৰি ৰন্ধন কৰ্মীসকলৰ মাননী নিয়মীয়া কৰক ৷ আমাক বছৰৰ 12 মাহৰ কাৰণে মাননী দিয়ক ৷" ৰঙিয়াত শনিবাৰে বিভিন্ন দাবীৰ সমৰ্থনত সংবাদমেল অনুষ্ঠিত কৰি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে (Mid day mill union press meet) এই মন্তব্য প্ৰকাশ কৰে ৷

এই সংবাদমেলত ৰন্ধনকৰ্মী সকলৰ প্ৰতি চৰকাৰৰ আচৰণ অত্যন্ত হতাশজনক আখ্যা দি সংগঠনটোৰ সভানেত্ৰী ভনীতা পাঠক ৰয়ে মাহেকীয়া মাননীৰ ধন সময় মতে আদায় নোপোৱাত ক্ষোভ ব্যক্ত কৰে । আনহাতে চৰকাৰে এক্সিছ বেংকৰ জৰিয়তে মাননীৰ ধন বিতৰণ কৰি আহিছে যদিও বেংক কৰ্তৃপক্ষৰ অকৰ্মন্যতাৰ বাবে সকলো কৰ্মীয়ে একে সময়তে ধন লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে (Mid day mill union press meet at Rangia)।

ইফালে মধ্যাহ্ন ভোজনৰ দায়িত্ব অক্ষয়পাত্ৰ ফাউণ্ডেচনলৈ হস্তান্তৰ কৰা প্ৰক্ৰিয়া বৰ্তমানলৈ প্ৰত্যাহাৰ নকৰাত আক্ষেপ প্ৰকাশ কৰে নেত্ৰীগৰাকীয়ে । ৰন্ধনকৰ্মীসকলক অতিৰিক্ত ধন প্ৰদান কৰিবলৈ লোৱা বিষয়টোক আদৰণি জনাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সজাবলৈ লোৱাৰ বিৰুদ্ধে বিষেদগাৰ প্ৰকাশ কৰি শেহতীয়াকৈ ২৫ নৱেম্বৰত অনুষ্ঠিত আন্দোলনত উত্থাপিত দাবীৰ প্ৰতি আওকনীয়া মনোভাৱ প্ৰদৰ্শনৰো অভিযোগ উত্থাপন কৰে ৷

যাৰ পৰিপ্ৰেক্ষিতত অহা ৬ জানুৱাৰীত সংগঠনটোৱে পি এম পোষণ কাৰ্যালয় ঘেৰাও কৰাৰো হুংকাৰ দিয়ে । ইফালে এগৰাকী স্বয়ম্ভূ নেত্ৰীয়ে অকৰ্তৃত্বশীল ভাবে ৰন্ধনকৰ্মীৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰা তথা আন্দোলনৰ জৰিয়তে লাভ কৰা সামান্য সুফলখিনিৰ কৃতিত্ব লৈ অহা বুলিও সংবাদমেলযোগে স্পষ্ট কৰে নেতৃবৃন্দই । সংবাদমেলত সহযোগী সংগঠন চিটুৰ নেতা বিবেকানন্দ অধিকাৰী প্ৰমুখ্যে নেতৃবৃন্দও উপস্থিত থাকি মত স্পষ্ট কৰে ।

তেওঁ কয় যে এই ৰন্ধনকৰ্মীসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ ৷ কিন্তু সেই ৰন্ধন কৰ্মচাৰীসকলে আজি 50 টকাৰ দিন হাজিৰাত কাম কৰি থাকিবলগীয়া হৈছে ৷

লগতে পঢ়ক: Public protest at Jorhat: যোৰহাটত শিক্ষক বদলিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ অভিভাৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.