ETV Bharat / state

শীঘ্ৰে ভিআৰএছ প্ৰদান নকৰিলে সমূহীয়া আত্মজাহৰ হুংকাৰ কৰ্মচাৰীৰ

ৰঙিয়াত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদকাৰীৰ ৷ এপ'ল মিলৰ কৰ্মচাৰী সকলে অৱৰোধ কৰে ঘাইপথ ৷ শীঘ্ৰে সমস্যা সমাধানৰ দাবী প্ৰতিবাদকাৰীৰ ৷

author img

By

Published : Dec 1, 2020, 9:42 PM IST

massive-protest-in-rangia
শীঘ্ৰে ভিআৰএছ প্ৰদান নকৰিলে সমূহীয়া আত্মজাহৰ হুংকাৰ কৰ্মচাৰীৰ

ৰঙিয়া, 1 ডিচেম্বৰ : মঙলবাৰে ৰঙিয়াৰ তুলসীবাৰীত এপ'ল কৰ্মচাৰী সকলে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷ এপ'ল মিলৰ কৰ্মচাৰী সকলক ভিআৰ‌এছ প্ৰদান কৰাৰ দাবীত এপ'ল প্ৰতিস্থানটোৰ কৰ্মচাৰী আৰু আছুৱে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা হায় হায়, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, চৰকাৰে চাৰি বছৰ ধৰি বন্ধ হৈ থকা এপ'ল মিল পুনৰ কাৰ্যক্ষম কৰাৰ বহুবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিচতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নায় ৷ যাৰ বাবে প্ৰতিবাদকাৰী সকলে শীঘ্ৰে ভিআৰ‌এছ প্ৰদান নকৰিলে সমূহীয়া আত্মজাহৰ হুংকাৰ প্ৰদান কৰে ৷

উল্লেখ্য যে, বিগত চাৰি বছৰৰ পৰা মিলটোৰ উৎপাদন সম্পূৰ্ণ বন্ধ হৈ আছে । যাৰ বাবে মিলটোৰ প্ৰায় 700 কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে । ইতিমধ্যে, দুজন কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱা বুলিও উল্লেখ কৰে ৷

লগতে পঢ়ক : ত্ৰিপুৰাৰ যুৱতীয়ে লাভ কৰিলে জাৰ্মান চৰকাৰৰ ‘গ্ৰীণ টেলেণ্ট 2020’ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.