ETV Bharat / state

মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ বন্ধ কৰাৰ পৰিৱৰ্তে সংস্কাৰ সাধন কৰক ! - মাদ্ৰাছা আৰু সংস্কৃত টোল

মাদ্ৰাছাত থকা ১২ টা বিষয়ৰ পাঠ্যক্ৰম কমাই দি আধুনিক শিক্ষা ব্যৱস্থাৰ পোষকতা কৰিবলৈ অনুৰোধ জনাই ৷

মাদ্ৰাছা আৰু সংস্কৃত টোল
মাদ্ৰাছা আৰু সংস্কৃত টোল
author img

By

Published : Mar 14, 2020, 3:17 PM IST

ৰঙিয়া,14 মাৰ্চঃ শিক্ষা বিভাগে ৰাজ্যৰ সংস্কৃত টোল আৰু মাদ্ৰাছা সমূহ ১৫ আগষ্টৰ পৰা বন্ধ কৰি দিয়াৰ ঘোষণা কৰাৰ পাছতে ৰঙিয়াত মাদ্ৰাছা শিক্ষকৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ কৰাৰ পৰিৱৰ্তে চৰকাৰে সংস্কৃত টোল আৰু মাদ্ৰাছা শিক্ষাৰ সংস্কাৰ সাধন কৰক। এই প্ৰতিক্ৰিয়া ৰঙিয়াৰ চিৰাখুন্দিৰ কেচি প্ৰি-ছিনিয়ৰ মাদ্ৰাছাৰ এগৰাকী শিক্ষকৰ। শিক্ষকগৰাকীয়ে মাদ্ৰাছাত থকা ১২টা বিষয়ৰ পাঠ্যক্ৰম কমাই দি আধুনিক শিক্ষা ব্যৱস্থাৰ পোষকতা কৰিবলৈ অনুৰোধ জনাই ৷

মাদ্ৰাছা আৰু সংস্কৃত টোল

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছক লৈ সজাগতা গুৱাহাটী ষ্টেচনত

উল্লেখ্য যে, প্ৰি-ছিনিয়ৰ মাদ্ৰাছাৰ ষষ্ঠ,সপ্তম আৰু অষ্টম শ্ৰেণীত সাধাৰণ শিক্ষাৰ লগতে আৰবী আৰু উৰ্দু ভাষাৰ উপৰিও ধৰ্মীয় শিক্ষাৰ বিষয়সহ মুঠ ১২ টাকৈ বিষয় ছাত্র-ছাত্ৰী সকলে পঢ়িব লাগে। এনে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী সকলে ১২ টাকৈ বিষয় পঢ়িব লগা হোৱাৰ বাবে অধিক পঢ়াৰ বোজা সহিব লগা হয়। যাৰ বাবে এইসকল ছাত্র-ছাত্ৰীয়ে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত এক চাপত থাকিব লগা হয় । মাদ্ৰাছাৰ এনে শিক্ষাৰ বোজা কমাই দি সংস্কাৰমুখী আধুনিক শিক্ষাৰ প্ৰৱৰ্তন কৰিবলৈ শিক্ষক গৰাকীয়ে চৰকাৰক আহ্বান জনায় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.