ৰঙিয়া, 11 জুলাইঃ লক ডাউনৰ মাজতেই ৰঙিয়াৰ পালাৰা-মৈহাটী সাপ্তাহিক বজাৰত দেখা গ'ল বিপৰীত দৃশ্য ৷ চৰকাৰ প্ৰশাসনৰ নিৰ্দেশক আওকাণ কৰি শতাধিক ৰাইজ উপস্থিত হয় বজাৰ খনত ৷ সকলোৱে ব্যস্ত বজাৰ কৰাত,নাই কোনো সামাজিক দুৰত্ব উপস্থিত হোৱা লোকসকলৰ ৷
মহামাৰী কৰ'ণাই কামৰূপ জিলাটো আতংকৰ সৃষ্টি কৰাৰ সময়তে কোভিড-১৯ৰ ভয়াৱহ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ৩০ ধাৰা অনুযায়ী জিলা দণ্ডাধীশ তথা কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে এক নিৰ্দেশনা জাৰি কৰিছিল ৷ সেই নিৰ্দেশ মতে শনিবাৰ আৰু দেওবাৰে জিলাখনৰ অন্তৰ্গত সকলো দৈনিক বজাৰৰ লগতে সকলো সাপ্তাহিক বজাৰ ১১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ তিনি সপ্তাহৰ বাবে বন্ধ ঘোষণা কৰিছিল ।
প্ৰশাসনৰ এই নিৰ্দেশনাটো ৰঙিয়া মহকুমাটো বলবৎ হোৱাকৈ ৰঙিয়াৰ মহকুমাধিপতিৰ তৰফৰ পৰাও প্ৰচাৰ কৰা হৈছিল ৷ কিন্তু পালাৰা-মৈহাটী বজাৰত দীৰ্ঘ দিনৰে পৰা শ -শ লোকৰ সমাগম হৈ আহিছে ৷ তাৰ পিছতো প্ৰশাসনে কিন্তু উক্ত বজাৰ খনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । স্থানীয় গাঁওবুঢ়াই এই বিষয়ে উৰ্ধতন কৰ্তৃপক্ষক জনাইছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। উক্ত ঘটনাত এতিয়া কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ প্ৰতি শংকিত হৈ পৰিছে একাংশ সচেতন মহল ৷ অতি শীঘ্ৰে উক্ত বজাৰ খন লক ডাউনৰ সময়ত বন্ধ ৰাখিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় গাঁওবুঢ়াৰ লগতে সচেতন ৰাইজে ৷
লগতে পঢ়ক- অখিল গগৈঃ গোলাঘাটত উত্তপ্ত পৰিস্থিতি