ৰঙিয়া, 24 মে': লক ডাউনৰ মাজতে ৰঙিয়াৰ লাচি বিষ্ণুপুৰত হাতত আইন তুলি ললে একাংশ ৰাইজে ৷ গৰু চুৰি কৰাৰ অপৰাধত এজন যুৱকক আক্ৰমণ প্ৰায় 40 জনীয়া এটা দলৰ ৷ পথাৰৰ পৰা গৰু চুৰি কৰাৰ অপৰাধত যুৱকজনৰ ওপৰত আক্ৰমণ চলালে উত্তেজিত ৰাইজে ৷ অৱশেষত ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
উল্লেখ্য যে, যুৱকজনক আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে যুৱকজনক ৰক্ষণাবেক্ষণ দিয়া বুলি কঞা থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ লোকে ৷ লকডাউন ভংগ কৰি আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হয় লকডাউন ভংগকাৰী লোকসকল ৷ দেশত বাহাল থকা লক ডাউনৰ মাজতে এই ঘটনাৰ পাছতে এতিয়া চিন্তাত পেলাইছে সচেতন মহলক ৷
লগতে পঢ়কঃ কৰ'ণাক পৰাভূত কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পোৱা ৬৬ বছৰীয়া বৃদ্ধৰ