কামৰূপ, 23 মাৰ্চঃ কৰু'ণা ভাইৰাছক লৈ কঠোৰ কামৰূপ জিলা প্ৰশাসন । ২৪ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ অসমত সম্পূৰ্ণ তলা বন্ধৰ ঘোষণা কৰিলে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই । বন্ধ কৰিবলৈ নিৰ্দেশ সকলো ব্যৱসায়ী প্ৰতিস্থানৰ লগতে দৈনিক বজাৰ । সকলো ধৰণৰ যানবাহন চলাচলৰ বন্ধৰ নিৰ্দেশ দিয়ে কামৰূপ জিলা প্ৰশাসন ।
কেৱল মাত্ৰ অত্যাৱশ্যকীয়া সামগ্ৰী কঢ়িয়াই যানবাহন,অম্বুলেস আদিয়ে চলাচল কৰিব পাৰিব বুলি সদৰী কৰে । এতিয়াৰ পৰা জনসমাগম কৰিব নোৱাৰিব কামৰূপত ।
আনহাতে, ফাৰ্মাচী বা ঔষধৰ লগতে জড়িত প্ৰতিষ্ঠানৰ লগতে গেছ, পেট্ৰল, আদি প্ৰতিষ্ঠানসমূহ খোলা থাকিব বুলি মন্তব্য কৰে জিলা প্ৰশাসনে ৷ মেডিকেল, পানী, জৰুকালীন বিভাগ উপলদ্ধ থাকিব বুলি মন্তব্য কৰে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই ।