ETV Bharat / state

আমিনগাঁৱত সাংবাদিকক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ

অৱশেষত 5 মাহৰ অন্তত কামৰূপ আৰক্ষীৰ জালত সাংবাদিক ৰণ্টু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণকাৰী দুৰ্বৃত্ত ৷ ২০১৯ চনৰ ২৩ নৱেম্বৰত আমিনগাঁৱৰ আগিয়াঠুৰিৰ এটা শিশু শ্ৰমিক উদ্ধাৰৰ খবৰ সংগ্ৰহৰ বাবে যাওতে সাংবাদিকদ্বয়ক প্ৰহাৰ কৰিছিল ৰাহুল আলী,নেকিব আলী আৰু জোন আলীসহ দুৰ্বৃত্তৰ দলে ৷ পলাতক অৱস্থাত থকা ৰাহুল আলী আৰু জোন আলীক কামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও দুৰ্বৃত্তৰ দলটোৰ নেকিব আলী আৰু অন্য সদস্যসকল বৰ্তমানো পলাতক অৱস্থাত আছে ৷

আমিনগাঁৱত সাংবাদিকক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ
আমিনগাঁৱত সাংবাদিকক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ
author img

By

Published : Apr 28, 2020, 12:07 PM IST

আমিনগাঁও, 28 এপ্ৰিল : ২০১৯ চনৰ ২৩ নৱেম্বৰত আমিনগাঁৱৰ আগিয়াঠুৰিৰ এটা শিশু শ্ৰমিক উদ্ধাৰৰ খবৰ সংগ্ৰহৰ কৰিবলৈ যাওতে নিৰ্মম প্ৰহাৰৰ সন্মুখীন হৈছিল দুই সাংবাদিক । আৰক্ষী আৰু শিশু কল্যাণ বিভাগৰ লোকৰ সৈতে যোৱা সাংবাদিকদ্বয় সংবাদ মাধ্যম নিউজ-১৮ অসম নৰ্থ ইষ্টৰ ৰণ্টু বৈশ্য আৰু ৱেব প’ৰ্টেল চেনেল ইষ্টৰ ৰূপজ্যোতি দাস ৷

আমিনগাঁৱত সাংবাদিকক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ

উল্লেখ্য যে,সাংবাদিক দুজনক ৰাহুল আলী,নেকিব আলী আৰু জোন আলীসহ দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে সাংবাদিক দুজনৰ কেমেৰা, মোবাইল ফোন আৰু সোণৰ চেইন কাঢ়ি লৈ গৈছিল আৰু চুৰিৰ আঘাতত তেজেৰে লুতুৰি-পুতুৰি হৈছিল দুই সংবাদকৰ্মী ৷

ইয়াৰ পিছত সাংবাদিকদ্বয়ে উত্তৰ গুৱাহাটী আৰক্ষী থানাত ১৬৫/২০১৯ নম্বৰৰ ভিত্তিত গোচৰ ৰুজু কৰিছিল যদিও পলাতক অৱস্থাত আছিল দুৰ্বৃত্তৰ দলটো । গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন বাৰে বাৰে নাকচ হোৱাৰ পিছত আত্মগোপন কৰি আছিল দুৰ্বৃত্তৰ দলটোৱে ৷

অৱশেষত 5 মাহৰ অন্তত সোমবাৰে কামৰূপ আৰক্ষীয়ে আগিয়াঠুৰিৰ দুৰ্বৃত্ত তথা সাংবাদিক আক্ৰমণকাৰী ৰাহুল আলী আৰু জোন আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । কিন্তু এতিয়াও পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে নেকিব আলীসহ দলটোৰ আনকেইজন সদস্য ।

লগতে পঢ়ক : বড়োলেণ্ডত জাৰি কৰা হৈছে ৰাজ্যপালৰ শাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.