ETV Bharat / state

গণৰোষৰ বলি ছাগলী চোৰ - আমিনগাঁও

আমিনগাঁৱৰ পাপু ৰজক নামৰ এগৰাকী অটো ভেনৰ চালকে পথৰ দাঁতিত এৰাল দি থোৱা ছাগলী এটা চোৰ কৰিবলৈ লওঁতেই গৰাকীয়ে প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে ৷ এএছ 25 বিচি 5469 নম্বৰৰ বাহনখনৰ গৰাকী পাপুৱে ৰাইজৰ হুলস্থুল শুনি তীব্ৰবেগে ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ চেষ্টা চলায় ৷

Kamalpur Thief Arrested Bihata assam etv bharat news
গণৰোষৰ বলি ছাগলী চোৰ
author img

By

Published : Sep 27, 2020, 3:19 PM IST

বাইহাটা,27 ছেপ্তেম্বৰ: কামৰূপ (গ্ৰাম্য) ৰ কমলপুৰত ৰাইজে কৰায়ত্ত কৰে এটা ছাগলী চোৰ ৷ দীৰ্ঘদিনে কমলপুৰৰ জালিমুৰাত একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ছাগলী চোৰে ৷ চোৰে ন ন কৌশল অৱলম্বন কৰি অঞ্চলটোৰ পৰা চুৰি কৰি নিছিল ছাগলী ৷ ছাগলী চুৰ কৰিবলৈ বিলাসী বাহন পৰ্যন্ত ব্যৱহাৰ কৰিছিল চোৰে ৷ আমিনগাঁৱৰ পাপু ৰজক নামৰ এগৰাকী অটো ভেনৰ চালকে পথৰ দাঁতিত এৰাল দি থোৱা ছাগলী এটা চোৰ কৰিবলৈ লওঁতেই গৰাকীয়ে প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে ৷ এএছ 25 বিচি 5469 নম্বৰৰ বাহনখনৰ গৰাকী পাপুৱে ৰাইজৰ হুলস্থুল শুনি তীব্ৰবেগে ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ চেষ্টা চলায় ৷

Kamalpur Thief Arrested Bihata assam etv bharat news
ছাগলী চোৰ ধৃত

ইফালে ছাগলীটোৰ গৰাকী বাসুদেৱ দাসে চোৰটোক অনুসৰণ কৰি গৈ বাহনখনত উঠি জালিমুৰা নামৰ ঠাইখন পাই হুলস্থুল কৰাত ৰাইজে আগভেটি ধৰে বাহনখন ৷ পৰৱৰ্তী সময়ত ৰাইজে সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি চোৰটোক কৰায়ত্ত কৰি বিদ্যুতৰ এটা খুঁটাত বান্ধি থৈ কমলপুৰ আৰক্ষীক খবৰ দিয়ে ৷ ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ধৃত পাপু ৰজকক আটক কৰি থানালৈ লৈ আনে ৷

লগতে চাওকঃ গোলাঘাটৰ ভিন্ন অঞ্চলত চেনিটাইজেচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.