ETV Bharat / state

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ গ্ৰহণৰ অভিযোগ - প্ৰমাণ পত্ৰ

শুকুৰবাৰে কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় বিধায়ক দিগন্ত কলিতা ৷ এমাহৰ ভিতৰত কাৰ্যালয়টোৰ অৰাজকতা দূৰ কৰিবলৈ লাট মণ্ডলক সকীয়নি প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷

Kamalpur MLA Diganta Kalita Threaten Circle Officer
কমলপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ মণ্ডলে নাজানে কম্পিউটাৰ: দিগন্ত কলিতা
author img

By

Published : Jul 10, 2021, 8:03 AM IST

বাইহাটা, 10 জুলাই : কামৰূপ(গ্ৰাম্য) জিলাৰ কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত একাংশ মণ্ডলে দীৰ্ঘদিন ধৰি চৰম স্বৈৰচাৰিতা চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে খোদ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই । সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপত বিধায়ক গৰাকীয়ে কাৰ্যালয়টোৰ একাংশ মণ্ডলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । বিধায়ক দিগন্ত কলিতাই কয় যে, উক্ত কাৰ্যালয়টোৰ একাংশ লাট মণ্ডলে কম্পিউটাৰ চলাব নাজানে ৷

ফলত কাৰ্যালয়টোৰ একাংশ কম্পিউটাৰ জনা লোকক মণ্ডলৰ পাছৱৰ্ডকে ধৰি কাৰ্যালয়টোৰ বিভিন্ন নথি-পত্ৰ অৰ্পণ কৰিবলগীয়া হয় ৷ দীৰ্ঘদিনে এনেদৰেই কাৰ্যালয়টোৰ কাম-কাজ চলি থকা বুলি অভিযোগ কৰে বিধায়ক কলিতাই । এই সুবিধা লাভ কৰি কাৰ্যালয়টোৰ একাংশ দালালে ইচ্ছা অনুসৰি মণ্ডলসকলৰ হৈ কাম-কাজ চলাই নিয়ে ৷

কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিধায়ক দিগন্ত কলিতা

ৰাইজে বিভিন্ন কামৰ বাবে কাৰ্যালয়টোলৈ আহে যদিও দালালৰ মইমতালিৰ ফলতে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয় ৷ উক্ত বিষয়ৰ অভিযোগ লাভৰ পিছতে বিধায়ক গৰাকীয়ে শুকুৰবাৰে কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ৷ তদুপৰি বিষয় সন্দৰ্ভত চক্ৰ বিষয়াগৰাকীক সাক্ষাৎ কৰে ৷

উল্লেখ্য যে, কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰীয়ে উৎকোচ লৈ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ একাংশ লাট মণ্ডলে লোকসকলৰ ভূমি আনৰ নামত ক্ৰয়-বিক্ৰয়ৰ প্ৰমাণ পত্ৰ উৎকোচ গ্ৰহণ কৰি উলিয়াই দিয়ে বুলিও উঠিছে অভিযোগ ৷ স্থানীয় লোকে এনে অৰাজকতা সন্দৰ্ভত বিধায়ক দিগন্ত কলিতাক অভিযোগ উত্থাপন কৰে । এমাহৰ ভিতৰত যদিহে কাৰ্যালয়টোত চলি থকা এই অৰাজকতা দূৰ নহয়, তেন্তে বিধায়ক গৰাকীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক- দুদিনীয়া ভ্ৰমণসূচীৰে কোকৰাঝাৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.