ETV Bharat / state

অগপৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সত্যব্ৰত কলিতাৰ

author img

By

Published : Mar 6, 2021, 9:08 PM IST

টিকট লাভ নকৰা কমলপুৰ বিধানসভা সমষ্টিৰ অগপৰ বিধায়ক সত্যব্ৰত কলিতাই আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো নিশ্চিত কৰিছে । হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰৰ বলী হোৱাৰ অভিযোগ । শনিবাৰে বিয়লিৰ ভিতৰত কোন দলৰ পৰা বিধায়ক গৰাকীয়ে নিৰ্বাচন খেলিব সেয়া নিশ্চিত কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে সত্যব্ৰত কলিতাই । অগপ দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিধায়ক সত্যব্ৰত কলিতাৰ ।

অগপৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সত্যব্ৰত কলিতাৰ
অগপৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সত্যব্ৰত কলিতাৰ

কামৰূপ, ৬ মাৰ্চ: টিকট লাভ নকৰা কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অগপৰ বিধায়ক সত্যব্ৰত কলিতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ । অগপ দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে বিধায়ক সত্যব্ৰত কলিতাই । কমলপুৰ সমষ্টিবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা বুলি মন্তব্য কলিতাৰ । কলিতাই বিধায়ক হৈ থকাৰ সময়ত সমষ্টিবাসীয়ে উন্নয়নৰ মুখ দেখিছিল । ইয়াৰবাবে দলৰ শীৰ্ষ নেতৃত্বৰ লগতে আন ৰাজনৈতিক নেতাৰ সহ্য হোৱা নাই বুলি মন্তব্য কলিতাৰ । সমষ্টিবাসীবাসীৰ উন্নয়ন স্থবিৰ কৰিবলৈ প্ৰাৰ্থীত্ব প্ৰদান নকৰাৰ অভিযোগ । আওপকীয়াকৈ মন্ত্ৰী ড০ হিমন্ত শৰ্মাৰ ষড়যন্ত্ৰৰ বলী হোৱাৰ অভিযোগ কলিতাৰ । উল্লেখ্য যে, কমলপুৰ বিধানসভা সমষ্টিৰ পৰা দিগন্ত কলিতাক বিজেপিৰ প্ৰাৰ্থী হিচাপে টিকট প্ৰান কৰে শাসকীয় দলে ।

কমলপুৰ সমষ্টিবাসীৰ স্বাৰ্থৰ হকে শনিবাৰে বিয়লিৰ ভিতৰত কোন দলৰ পৰা বিধায়ক গৰাকীয়ে নিৰ্বাচন খেলিব সেয়া নিশ্চিত কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে । বিজেপিয়ে আঞ্চলিকতাবাদ ধ্বংস কৰিবলৈ জাল মেলিছে আৰু এই জালত তেওঁৰ দলৰ একাংশ নেতা-কৰ্মীয়ে ভৰি দিয়াৰ অভিযোগ । যাৰফলত অগপ নিঃশেষ হ'ব ওলাইছে । গতিকে শনিবাৰে বিয়লিৰ ভিতৰত কোন দলৰ পৰা নিৰ্বাচন খেলি আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া থিৰাং কৰিব । ইফালে, কমলপুৰ বিধান পৰিষদৰ সমূহসদস্যই দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । বিধায়ক গৰাকীয়েও অগপ ত্যাগ কৰাৰ ইংগিত প্ৰদান কৰে সংবাদ মাধ্যমৰ সমুখত। ইয়াৰোপৰি,ক্ষোভিত অগপ কৰ্মীসকলে কিছু সময়ৰ বাবে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । অগপৰ পতাকা প্ৰতীক চিহ্ন আঁতৰাই পেলোৱা হয় কমলপুৰ সমষ্টি অগপ কাৰ্যলয়ৰ পৰা ।

লগতে পঢ়ক: সঞ্জয় কিষাণক প্ৰাৰ্থিত্ব প্ৰদান কৰাত উৎফুল্লিত সমৰ্থক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.