গুৱাহাটী, 9 মাৰ্চ: ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ দেওবাৰে নিশাই কৰ্তব্যৰত সাংবাদিক সুব্ৰত কলিতাৰ শাৰিৰীৰভাৱে অপদস্থ কৰে জুৰিপাৰ গ্ৰাম-পঞ্চায়তৰ আয়ুক্তৰ পুত্ৰই ৷ ঘটনা অনুসৰি দেওবাৰে নিশা বাতৰি সংগ্ৰহৰ বাবে উপস্থিত হোৱা সময়তেই এটা ব্যক্তিগত বাতৰি প্ৰতিষ্ঠানৰ সাংবাদিক সুব্ৰত কলিতাক আক্ৰমণ কৰে জুৰিপাৰ গ্ৰাম-পঞ্চায়তৰ আয়ুক্ত হেমেন দাসৰ পুত্ৰ ভবাৰ্থ স্বৰূপে ৷ আনকি তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে বন্দুকৰে গুলীয়াই দিয়াৰ হুংকাৰ প্ৰদান কৰে সাংবাদিক সুব্ৰত কলিতাক ৷
এই ঘটনাক তীব্ৰভাৱে গৰিহণা প্ৰদান কৰিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰায়ে ৷ সংবাদদাতা হিচাপে বাতৰি সংগ্ৰহ কৰাটো সুব্ৰত কলিতাৰ প্ৰাথমিক দায়িত্ব। সেই দায়িত্ব নিষ্ঠাৰে পালন কৰা অৱস্থাত দেওবাৰে নিশা কলিতাক যি আক্ৰমণ কৰা হ’ল সেয়া প্ৰতিজন সাংবাদিক-সংবাদকৰ্মীৰ ওপৰত আক্ৰমণৰ দৰে ঘটনা বুলি মন্তব্য ৰায়ৰ ৷ এই ঘটনাৰে জড়িত প্ৰতিজন ব্যক্তিৰে শাস্তিৰ দাবী উত্থাপন কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে ৷ দিশপুৰ প্ৰেছ ক্লাবৰ সভাপতি আৰু সম্পাদকে এক বিবৃতিৰ জৰিয়তে উক্ত ঘটনাক গৰিহণা দি সাংবাদিক নিৰ্যাতনৰ ঘটনা বন্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম আৰক্ষীলৈ আহ্বান জনায় ।
লগতে পঢ়ক-মাৰ্ঘেৰিটাৰ কংগ্ৰেছত বিসম্বাদ: দল ত্যাগ কৰাৰ হুংকাৰ বঞ্চিত প্ৰাৰ্থীৰ