ETV Bharat / state

ৰাজ্যৰ অপ্ৰশিক্ষণপ্ৰাপ্ত চালক সকললৈ সুখবৰ !

author img

By

Published : Nov 27, 2019, 8:48 PM IST

অতি শীঘ্ৰেই আমিনগাঁৱত স্থাপন হ'ব আন্তঃৰাষ্ট্ৰীয় উন্নত মানদণ্ড চালক প্ৰশিক্ষণ কেন্দ্ৰ । এই প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণ কৰিবৰ বাবে অসম চৰকাৰে পৰিবহন বিভাগ, অসমলৈ 60 বিঘা ভূমি আৱণ্টন কৰিছে ৷

Amingaon
গৌতম দাস

কামৰূপ, 27 নৱেম্বৰঃ ৰাজ্যৰ অপ্ৰশিক্ষণপ্ৰাপ্ত আৰু বাহন প্ৰশিক্ষণৰ প্ৰতি আগ্ৰহী চালক সকলৈ সু-খৱৰ কঢ়িয়াই আনিছে পৰিবহন বিভাগ, অসমে । কিয়নো অতি শীঘ্ৰেই আমিনগাঁৱত স্থাপন হ'ব আন্তঃৰাষ্ট্ৰীয় উন্নত মানদণ্ড চালক প্ৰশিক্ষণ কেন্দ্ৰ । এই প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণ কৰিবৰ বাবে অসম চৰকাৰে পৰিবহন বিভাগ, অসমলৈ 60 বিঘা ভূমি আৱণ্টন কৰিছে ৷

উত্তৰ পূৱত দীৰ্ঘদিন ধৰি দৈনিক ঘটি থকা ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহন বিভাগ, অসমে এই আন্তঃৰাষ্ট্ৰীয় চালক প্ৰশিক্ষণ কেন্দ্ৰ আমিনগাঁৱত স্থাপন কৰিব । ইপিনে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰণৱ দত্ত গোস্বামীয়ে অসম চৰকাৰৰ নিৰ্দেশমৰ্মে আনুষ্ঠানিকভাৱে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত শিলা সেন্দুৰী ঘোপা মৌজাৰ 60 বিঘা চৰকাৰী ভূমিৰ আৱন্টন পত্ৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ হাতত অৰ্পণ কৰে । আনুষ্ঠিকভাৱে চৰকাৰী ভূমি আৱন্টন পত্ৰ লাভ কৰাৰ পাছতেই পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত জিলা পৰিবহণ বিভাগৰ এটি সজাতি দলে পৰিদৰ্শন কৰে পৰিবহণ বিভাগলৈ আৱন্টন কৰা চৰকাৰী ভূমি ।

ৰাজ্যৰ অপ্ৰশিক্ষণপ্ৰাপ্ত চালক সকললৈ সুখবৰ !

উল্লেখ্য যে, শীঘ্ৰেই আৰম্ভ হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় চালক প্ৰশিক্ষন কেন্দ্ৰটো নিৰ্মাণৰ দায়িত্ব ভাৰতীয় তেল নিগম আৰু বেচৰকাৰী প্ৰতিষ্ঠান অশোক লিলেণ্ডক অৰ্পণ কৰা হ'ব বুলি এক সংবাদমেল যোগে পৰিবহন বিষয়া গৰাকীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়ে । ভূমি পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে যান বাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, নুইমুদ্দিন আহমেদ, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ মণ্ডল, কৰ্মচাৰী প্ৰমুখ্যে কেইবাগৰাকীও বিষয়া কৰ্মচাৰী । ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়ক তথা বিত্তমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ পদক্ষেপেক উত্তৰ পূৱৰ আগ্ৰহী চালকে সকলে উন্নত প্ৰশিক্ষণ পাবলৈ সক্ষম হোৱাৰ লগতে আৰু আগন্তুক দিনত ৰাজ্যত যথেষ্ট পৰিমানে পথ দুৰ্ঘটনা হ্ৰাস হ'ব বুলি সাংবাদিকৰ আগত মত পোষণ কৰে জিলা পৰিবহন বিষয়া গৌতম দাসে ।

লগতে পঢ়ক- ৰাজ্যত নিষিদ্ধ হ'ল গুটখা

Intro:*SLUG= AMINGAON INTERNATIONAL DRIVING TRAINING CENTER*

SCRIPT= ৰাজ্যৰ অপ্ৰশিক্ষণপ্ৰাপ্ত আৰু বাহন প্ৰশিক্ষণৰ প্ৰতি আগ্ৰহী চালক সকলৈ সু-খৱৰ কঢ়িয়াই আনিছে পৰিবহন বিভাগ,অসমে । অতি শীঘ্ৰেই আমিনগাঁৱত স্থাপন হ'ব আন্তঃৰাষ্ট্ৰীয় উন্নত মানদণ্ড চালক প্ৰশিক্ষণ কেন্দ্ৰ । Body:পৰিবহন বিভাগ, অসমলৈ চৰকাৰৰ আবন্টন ৬০ বিঘা ভূমি l উন্নত চালক প্ৰশিক্ষণৰ বাবে উত্তৰ পূৱত দীৰ্ঘদিন ধৰি দৈনিক ঘটি থকা ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগ অসমে আমিনগাঁৱত স্থাপন কৰিব আন্তঃৰাষ্ট্ৰীয় চালক প্ৰশিক্ষণ কেন্দ্ৰ । অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰণৱ দত্ত গোস্বামীয়ে আনুষ্ঠানিকভাৱে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত শিলা সেন্দুৰী ঘোপা মৌজাৰ ৬০ বিঘা চৰকাৰী ভূমিৰ আবন্টন পত্ৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ হাতত অৰ্পণ কৰে । আনুষ্ঠিকভাৱে চৰকাৰী ভূমি আবন্টন পত্ৰ লাভ কৰাৰ পাছতেই পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত জিলা পৰিবহণ বিভাগৰ এটি সজাতি দলে পৰিদৰ্শন কৰে পৰিবহণ বিভাগলৈ আবন্টন কৰা চৰকাৰী ভূমি ।Conclusion: উল্লেখযোগ্য শীঘ্ৰেই আৰম্ভ হ'ব লগীয়া আন্তঃ ৰাষ্ট্ৰীয় চালক প্ৰশিক্ষন কেন্দ্ৰটো নিৰ্মাণৰ দায়িত্ব ভাৰতীয় তেল নিগম আৰু বেচৰকাৰী প্ৰতিষ্ঠান অশোক লিলেণ্ডক অৰ্পণ কৰা হব বুলিও ভূমি পৰিদৰ্শন কৰাৰ পাছতে এক সংবাদ মেল যোগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে পৰিবহন বিষয়া গৰাকীয়ে । আনহাতে ভূমি পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে যান বাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, নুইমুদ্দিন আহমেদ, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ মণ্ডল, কৰ্মচাৰী প্ৰমুখ্যে কেইবাগৰাকীও বিষয়া কৰ্মচাৰী । ইফালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়ক তথা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ পদক্ষেপে উত্তৰ পূৱৰ আগ্ৰহী চালকে সকলে উন্নত প্ৰশিক্ষণ পাবলৈ সক্ষম হোৱাৰ লগতে আৰু আগন্তুক দিনত ৰাজ্যত যথেষ্ট পৰিমানে পথ দুৰ্ঘটনা হ্ৰাস হ'ব বুলি সাংবাদিকৰ আগত মত পোষণ কৰে জিলা পৰিবহন বিষয়া গৌতম দাসে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.