বকো, 6 মে': অসম আৰু মেঘালয়ৰ সীমা সমস্যা সমাধানৰ পথত দুয়োখন ৰাজ্য চৰকাৰ ইতিবাচক দিশেৰে আগুৱাইছে বুলি উভয় পক্ষই দাবী কৰি আহিলেও এতিয়াও অসমৰ গাঁও মেঘালয়ত চামিলকৰণৰ ষড়যন্ত্ৰ অব্যাহত আছে (Inter-state border dispute) । মেঘালয়ৰ কুচক্ৰান্তত বকোৰ গাৰোজানত এতিয়াও অব্যাহত আছে ভাতৃঘাটী সংঘৰ্ষ, যাৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে স্থানীয় গাঁওবাসীয়ে ৷ আতংকিত একাংশ গাঁওবাসীয়ে লুকাই চুৰকৈ আৰক্ষী থানাত উপস্থিত হৈ আশ্ৰয় লবলবীয়া হৈছে ৷ অসম-মেঘালয় সীমান্তৱৰ্তী বাৰটাকৈ বিবদমান অঞ্চলৰ ভিতৰত ছটা অঞ্চলৰ সমস্যা ইতিমধ্যে প্ৰথম পৰ্যায়ত সমাধান হ'ল ।
দ্বিতীয় পৰ্যায়ত আন ছটা বিবদমান অঞ্চলৰ সীমা সমস্যা সমাধানৰ পথত আগবাঢ়িছে দুয়োখন ৰাজ্য চৰকাৰ । প্ৰথম পৰ্যায়ৰ ছটা বিবদমান অঞ্চলৰ ভিতৰত কামৰূপ জিলাৰ বকো সমষ্টিৰ তিনিটাকৈ অঞ্চল ক্ৰমে হাহিম, তাৰাবাৰী আৰু গিজাঙৰ অন্তৰ্গত গাঁওসমূহ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়ৰ যুটীয়া সিদ্ধান্তত ইতিমধ্যে অসম আৰু মেঘালয়ত চামিল কৰা হৈছে । কিন্তু মুখ্যমন্ত্ৰী পৰ্যায়ৰ এই সিদ্ধান্তকো কেৰেপ নাই কৰা মেঘালয়ৰ একাংশ নাগৰিকে । এই চক্ৰটোৱে চল চাতুৰীৰে বকো সমষ্টিৰ গাৰোজানত বসবাস কৰা গাৰো সম্প্ৰদায়ৰ লোকৰ মাজত ভাতৃঘাটী সংঘৰ্ষৰ বীজ ৰোপন কৰাত উঠিপৰি লাগিছে । অসম মেঘালয় সীমান্তৰ পৰা প্ৰায় ৬/৭ কিলোমিটাৰ অসমৰ ভিতৰত বকো সমষ্টিত থকা এখন গাঁও হৈছে গাৰোজান ।
গাৰো জনগোষ্ঠীৰে ভৰপুৰ গাঁওখন বিবদমান অঞ্চলৰ ভিতৰত অন্তৰ্ভুক্ত নহয় । তৎস্বত্বেও একাংশ অসম বিদ্বেষীয়ে গাঁওখনত দুটা ফৈদৰ মাজত অশান্তি সৃষ্টি কৰাৰ বাবে কু-অভিসন্ধি অব্যাহত ৰাখিছে । গাৰোজান গাঁওখনত সম্প্ৰতি তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে । নিদ্ৰাহৰণ হৈছে অসমৰ সমৰ্থনত থকা গাঁওবাসীৰ । অসম বিদ্বেষী এই চক্ৰটোৱে অসমৰ সমৰ্থনত থকা ছটাকৈ পৰিয়ালক ৰাইজৰ পৰা ইতিমধ্যে এঘৰীয়া কৰি ৰাখিছে । কিন্তু গাঁওখনৰ প্ৰায় ওঠৰটা পৰিয়ালে অসমৰ বাসিন্দা হৈ থাকিব বিচাৰে । গাঁওবাসীক নিৰ্দেশনা জাৰি কৰিছে যে গাঁওখনৰ লোকসকলে এঘৰীয়া কৰা পৰিয়াল কেইটাৰ সৈতে সম্পৰ্ক ৰাখিলে ৫ হাজাৰ টকাকৈ জৰিমনা ভৰিব লাগিব ।
মুঠতে সমাজৰ সকলো ক্ষেত্ৰতে এঘৰীয়া কৰা হৈছে এই পৰিয়াল কেইটাক । ইতিমধ্যে গাঁওখনৰ লিলি মাৰাক, চানদেবাৰ্থ চাংমা, হামবাৰ্থ চাংমা, সঞ্জীৱ মাৰাক, টৰেন মাৰাক, নিবোলা মাৰাকৰ পৰিয়ালক অসমক সমৰ্থন কৰাৰ বাবে এঘৰীয়া কৰা হৈছে । অভিযোগ অনুসৰি বিগত ২৩ এপ্ৰিলত এই চক্ৰটোৱে গাঁওখনত মাটি জোখা মেলাও কৰিছে । আন এক অভিযোগ মতে, মালাং শালবাৰীৰ একাংশ উগ্ৰ অসম বিদ্বেষীয়ে গাৰোজানত ভাতৃঘাটী সংঘৰ্ষৰ বাবে মেল মিটিঙো আৰম্ভ কৰি আছে । আনকি এঘৰীয়া পৰিয়াল কেইটাক নজৰবন্দী কৰি ৰখাৰো অভিযোগ উঠিছে । বিভিন্ন বেশত অসমৰ একাংশ সমৰ্থনকাৰী মহিলাই লুকাই চুৰকৈ বকো আৰক্ষী থানা প্ৰাংগনত উপস্থিত হৈ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে ।