ETV Bharat / state

Horror of drug addiction: কিমান ভয়াৱহ হ’ব পাৰে ড্ৰাগছ আসক্তি ? শুনক দুই ভাতৃৰ মুখেৰে - Drugs addiction story of two brothers

বৰ্তমান সময়ত সামাজিক ব্যাধিলৈ ৰূপান্তৰিত হৈছে ড্ৰাগছ ৷ একাংশ যুৱপ্ৰজন্মই ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি নিজৰ লগতে পৰিয়ালৰ লোকৰ জীৱনলৈ অমানিশা নমাই আনিছে (Drugs addicted two brothers story) ৷ নলবাৰীৰ দুই ড্ৰাগছ আসক্ত ভাতৃৰ শিহৰণকাৰী বিৱৰণী, শুনক তেওঁলোকৰ মুখেৰেই...

Drugs addicted two brothers story at Rangia
কিমান ভয়াবহ হ'ব পাৰে ড্ৰাগছ আসক্তি
author img

By

Published : Mar 7, 2023, 10:05 PM IST

দুই যুৱকে বৰ্ণনা দিলে ড্ৰাগছৰ ভয়ৱতাৰ

ৰঙিয়া, 7 মাৰ্চ: ৰাজ্য়জুৰি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাই আহিছে (Anti drugs operation in Assam) ৷ কিন্তু তাৰ সমান্তৰালকৈ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে ড্ৰাগছ আসক্তৰ সংখ্যা ৷ কিমান ভয়াৱহ হ’ব পাৰে ড্ৰাগছ আসক্তি (Drugs addiction cases in Assam) ? ড্ৰাগছৰ বাবেই থানবান হয় বহু সপোন । নিমিষতে ভাঙি চুৰমাৰ হয় একো একোখন ঘৰ, সংসাৰ ৷

শেহতীয়াকৈ ৰঙিয়াত পোহৰলৈ আহিছে ড্ৰাগছ আসক্ত দুই যুৱকৰ কৰুণ ঘটনা (Drugs addiction story of two brothers) ৷ আজি আমি আপোনালোকক জনাম ড্ৰাগছ আসক্ত দুই ভাতৃৰ কৰুণ গাঁথা । সম্ভ্ৰান্ত পৰিয়ালৰ দুই সন্তানে ড্ৰাগছ সেৱন কৰি এতিয়া প্ৰতিদিনে যুঁজিছে জীৱন মৃত্যুৰে ৷ নলবাৰী জিলাৰ ধমধমাৰ ৰে’ল বিভাগৰ এগৰাকী অভিযন্তাৰ দুই পুত্ৰই ড্ৰাগছ সেৱন কৰি মৃত্যুৰ আগমুহূৰ্তত নৰক যন্ত্ৰণাত ছটফটাইছে ।

তেওঁৰ জ্যেষ্ঠ পুত্ৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ ৷ জ্যেষ্ঠ পুত্ৰই তেজপুৰ আইন মহাবিদ্যালয়ত অধ্য়য়ন কৰি আছিল ৷ ইফালে কণিষ্ঠ পুত্ৰই ডিব্ৰুগড়ত অধ্যয়ন কৰি আছিল ৷ পঢ়ি থকা সময়ৰে পৰাই কণিষ্ঠ পুত্ৰই বন্ধুৰ লগত ভাৰা আছিল ৷ প্ৰথমে বন্ধুৰ লগত পৰি ড্ৰাগছ খাবলৈ শিকিছিল কণিষ্ঠ পুত্ৰই ৷ দুমাহ পিচত নিজেই ড্ৰাগছ সেৱন কৰিবলৈ বাধ্য হৈছিল কণিষ্ঠ পুত্ৰও । মহাবিদ্যালয়ত অধ্যয়ন কৰা কণিষ্ঠ পুত্ৰই প্ৰতিদিনে দুহাজাৰ টকাৰ ড্ৰাগছ সেৱন কৰিছিল ৷ এই কথা মহাবিদ্যালয় কৰ্তৃপক্ষই গম পোৱাত কৰ্তৃপক্ষই বহিষ্কাৰ কৰিছিল যুৱকজনক ৷

এই কথা ঘৰত গম পোৱাৰ লগে লগে কণিষ্ঠ পুত্ৰক ঘৰলৈ লৈ আহিল ঘৰৰ লোকে ৷ সৰু পুত্ৰক এবাৰ দুবাৰকৈ নহয় তিনিবাৰে নিচামুক্তি কেন্দ্ৰত ৰাখিলে পৰিয়ালৰ লোকে । কিন্তু ড্ৰাগছৰ আসক্তি কমাব নোৱাৰিলে কণিষ্ঠ পুত্ৰই । অৱশেষত পৰিয়ালৰ লোকে ঘৰলৈ লৈ আহিলে কণিষ্ঠ পুত্ৰক । ঘৰত মাক-দেউতাকৰ নজৰত ৰখা হৈছিল সৰু পুত্ৰক ৷

তেনে সময়তে ক’ভিডকালীন পৰিস্থিতিত আইন মহাবিদ্যালয়ৰ ছাত্ৰ তথা জেষ্ঠ ভাতৃ নলবাৰীৰ ধমধমাৰ ঘৰখনলৈ উভতি আহিল । ঘৰলৈ অহাৰ পিচতে কণিষ্ঠা ভাতৃৰ লগত পৰি ড্ৰাগছ ল’বলৈ আৰম্ভ কৰিছিল বৰপুত্ৰই ৷ লাহে লাহে এই নিচাত বৰপুত্ৰ ইমানেই আসক্ত হ’ল যে প্ৰতিদিনে ড্ৰাগছ সেৱন নকৰিলে জেষ্ঠ ভাতৃৰ নাক আৰু মুখেৰে তেজ ওলোৱা আৰম্ভ হ'ল ৷

দুয়ো ভাতৃয়ে লগ লাগি প্ৰতিদিনে ড্ৰাগছ ক্ৰয় কৰিবলৈ আহে ৰঙিয়ালৈ । নলবাৰীত ড্ৰাগছৰ মূল্য বেছি হোৱা হেতুকে তেওঁলোকে ৰঙিয়ালৈ আহিব লগা হৈছিল ৷ ৰঙিয়াৰ অলিয়ে গলিয়ে এতিয়া সহজলভ্য মাৰাত্মক ড্ৰাগছ বুলি কেমেৰাৰ সন্মুখত বিস্ফোৰক মন্তব্য কৰে দুই ভাতৃয়ে ৷ ওলাই আহিলেই ৰাজপথত ড্ৰাগছ লাভ কৰিব পাৰি ৷ অন্য চহৰৰ তুলনাত সহজেই ৰঙিয়াত ড্ৰাগছ কিনিব পাৰি বুলি মন্তব্য প্ৰকাশ কৰে ড্ৰাগছ আসক্ত যুৱক দুজনে ৷

সেয়েহে প্ৰতিদিনে ৰঙিয়াত নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰি ৰঙিয়াতে বেজীৰ দ্বাৰা ড্ৰাগছ সেৱন কৰে ভাতৃদ্বয়ে ৷ ইফালে সুদীৰ্ঘ ৮ বছৰৰ পৰা প্ৰতিদিনে ড্ৰাগছ সেৱন কৰি লাহে লাহে গুৰুতৰভাৱে অসুস্থ হ'বলৈ ধৰিছিল কণিষ্ঠ ভাতৃ । পৰিয়ালৰ লোকক এই কথা অৱগত কৰাৰ লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হৈছিল কণিষ্ঠ পুত্ৰক । কণিষ্ঠ পুত্ৰক চিকিৎসকে পৰীক্ষা নিৰীক্ষা কৰি জনালে পুত্ৰৰ হাতত আৰু বেছি সময় নাই ৷ এতিয়া বাচি থকাৰ আশা তেনেই ক্ষীণ সৰু পুত্ৰৰ । চিকিৎসকৰ অনুসৰি অতি কম সময়ৰ ভিতৰতে এই পৃথিৱীৰ পৰা চিৰ বিদায় ল’ব কণিষ্ঠ পুত্ৰই।

চিকিৎসকৰ কথা শুনি মূৰত সৰগ ভাঙি পৰিল পিতৃ-মাতৃৰ । অৱশেষত মৃত্যুৰ আগমুহূৰ্তত নিজেই সংবাদ মাধ্যমৰ কেমেৰাৰ আগত নিজৰ ভুল স্বীকাৰ কৰিছে ড্ৰাগছ আসক্ত যুৱকদ্বয়ে ৷ দুই ভুক্তভোগী যুৱকে নৱ প্ৰজন্মক আহ্বান জনাইছে মাৰাত্মক ড্ৰাগছৰ পৰা সকলোৱে আঁতৰত থাকক । কোনোৱে যদি ড্ৰাগছ সেৱন কৰা বন্ধুৰ সংগত আছিল ততালিকে সেই সংগ ত্যাগ কৰিবলৈ আহ্বন জনাইছে যুৱকদ্বয়ে ৷ ড্ৰাগছে কিদৰে নিজৰ লগতে নিজৰ ঘৰখনকো সকলোকে নিঃশেষ কৰি পেলাই এই কথা বিৱৰি কয় দুই ভাতৃয়ে ৷ ভাতৃদ্বয়ে চৰকাৰ তথা প্ৰশাসনক নিষিদ্ধ ড্ৰাগছৰ ওপৰত কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: Dead body rescued: নলবাৰীত ডিঙি কটা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.