ETV Bharat / state

হাজোত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অনুদান বিতৰণ ত হোৱা কেলেংকাৰীৰ তদন্ত কৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

author img

By

Published : May 15, 2020, 8:14 PM IST

As_kam_803_HAJO_ ATUL_ BORA_7204372
হাজোত উপস্থিত কৃষি মন্ত্ৰাী অতুল বৰা

হাজো15মেঃ লক ডাউনৰ বাবে লোকচানৰ সন্মুখীন হোৱা হাজোৰ কৃষকৰ কাষত আহি থিয় দিলে কৃষি মন্ত্ৰী অতুল বৰাই । মন্ত্ৰী গৰাকীয়ে হাজোৰ মিলপাৰাত উপস্থিত হৈ মাকৈ খেতি কৰি বিক্ৰী কৰিব নোবাৰি ঘৰতে দম কৰি থৈ দিযা খেতিয়ক সকলৰ লগত মত বিনিময় কৰি কৃষি বিভাগক ব্যবস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে। কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত বিজিআৰ আঢ়নিৰ ধানখেতি পৰিদৰ্শন কৰে । এই আঁচনিৰ জৰিয়তে ১২৫ হেক্টৰ কৃষি ভূমিত ধান খেতি কৰিছে মিলপাৰাৰ কৃষকে ।

As_kam_803_HAJO_ ATUL_ BORA_7204372
হাজোত উপস্থিত কৃষি মন্ত্ৰাী অতুল বৰা

ৰাসায়নিক সাৰ প্ৰয়োগ কৰি ফচল উৎপাদন কৰা কৃষকৰ ফচল সমূহৰ বিক্ৰী শীঘ্ৰে কৃষি বিডাগে নিষিদ্ধ কৰিব কৃষি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। বিশেষকৈ অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰি খাৰুপেটীয়া কৃষকে ফচল উৎপাদন কৰাত মন্ত্ৰী গৰাকী য়ে উদ্বেগ প্ৰকাশ কৰে । এই সকল কৃষকক নাকী লগাব বুলিও মন্ত্ৰী গৰাকী উপস্থিতহৈ জানিবলৈ দিয়ে ।

হাজোত উপস্থিত কৃষি মন্ত্ৰাী অতুল বৰা

ৰাসায়নিক সাৰৰ বিপৰীতে জৈৱিক সাৰ প্ৰয়োগ কৰি কৃষিকাৰ্য কৰিবলৈ কৃষকক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ৷ লক ডাউনৰ বাবে ঘৰলৈ উভতি অহা বহি:ৰাজ্যৰ বিভিন্ন কোম্পানীত কাম কৰা নিবনুৱা যুৱক-যুৱতীক কৃষি কাৰ্যত মনোনিবেশ কৰিবলৈ মন্ত্ৰী অতুল বৰাই অনুৰোধ জনায় । প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অনুদান বিতৰণত হোৱা কেলেংকাৰীৰ এশ শতাংশই তদন্ত কৰিব বুলি মন্ত্ৰী গৰাকীয়ে সদৰী কৰে । পৰিদৰ্শন কালত মন্ত্ৰী গৰাকী ৰ লগত উপস্থিত থাকে হাজোৰ বিধায়িকা সুমন হযিপ্ৰিয়া ৷

লগতে পঢ়কঃ অন্ধ্ৰপ্ৰদেশত আবদ্ধ অসমৰ চাৰি শতাধিক শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.