ETV Bharat / state

ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত কৰ্মৰত তিনি নিৰাপত্তাৰক্ষীৰ প্ৰতিবাদ

author img

By

Published : Nov 17, 2019, 10:55 PM IST

ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত চৰম অৰাজক অৱস্থা ৷ দৰমহাৰ পৰা বঞ্চিত তিনি নিৰাপত্তাৰক্ষীৰ প্ৰতিবাদ

ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত কৰ্মৰত তিনি নিৰাত্তাৰক্ষীৰ প্ৰতিবাদ

গুৱাহাটী,17 নৱেম্বৰ: মহানগৰীৰ জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত অৰাজক অৱস্থা । দৰমহাৰ পৰা বঞ্চিত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত কৰ্মৰত তিনি নিৰাপত্তাৰক্ষীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ । তিনিমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে জিন্টুমণি ভাগৱতী, দিগন্ত বৰা আৰু তপন চেতিয়া নামৰ এই তিনিজন নিৰাপত্তাৰক্ষী ৷ যোৱা তিনিমাহ পূৰ্বে এই তিনিজন নিৰাপত্তাৰক্ষীক নিয়োগ কৰিছিল সমাধিক্ষেত্ৰ কৰ্তৃপক্ষই । কিন্তু দিনে নিশা কামত নিয়োজিত থকা নিৰাপত্তাৰক্ষী কেইজনে বঞ্চিত হৈ আহিছে নিজৰ প্ৰাপ্যৰ দৰমহাৰ পৰা । মেঘালয়ৰ কৰ্ণেল চিচিপাল চিকিউৰিটি চাৰ্ভিছৰ এই তিনিজন নিৰাপত্তাৰক্ষীয়ে কৰ্মবিৰতিৰ সিদ্ধান্ত গ্ৰহণ কৰাত, তেওঁলোকক দৰমহা আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কৰ্তৃপক্ষই । কিন্তু ইয়াৰ পিছতো আজি পৰ্যন্ত দৰমহা হৈ নুঠিল নিৰাপত্তাৰক্ষীকেইজনৰ ৷ বৰ্তমান বিভাগীয় কৰ্তৃপক্ষই উক্ত বিষয়টোৰ পৰা গা এৰা দি থকাৰ অভিযোগ নিৰাপত্তাৰক্ষী তিনিজনৰ । চৰকাৰৰ অনীহাৰ ফলত এতিয়া চৰম অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে ডঃ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত ।

লগতে পঢ়ক: কেনে অৱস্থাত আছে এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিছাখন !

Intro:মহানগৰীৰ জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত অৰাজক অৱস্থা। দৰমহা নাপায় তিনি নিৰাপত্তাৰক্ষীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। জিন্টুমণি ভাগৱতী, দীগন্ত বৰা, তপন চেতিয়া নামৰ এই তিনিজন নিৰাপত্তাৰক্ষী যোৱা তিনিমাহ পূৰ্বে নিয়োগ কৰিছিল সমাধিক্ষেত্ৰ কৰ্তৃপক্ষই। কিন্তু দিনে নিশা কামত নিয়োজিত থকা নিৰাপত্তাৰক্ষী কেইজনে বঞ্চিত হৈ আছে নিজৰ প্ৰাপ্যৰ পৰা। মেঘালয়ৰ কৰ্ণেল চিচিপাল চিকিউৰিটি চাৰ্ভিছৰ এই তিনিজন নিৰাপত্তাৰক্ষীয়ে তিনি কৰ্মবিৰতিৰ সিদ্ধান্ত লৈছিল যদিও তেওঁলোকক দৰমহা আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কৰ্তৃপক্ষই। কিন্তু এতিয়া বিভাগীয় কৰ্তৃপক্ষই বিষয়টোৰ পৰা গা এৰা দি থকাৰ অভিযোগ প্ৰাপ্যৰ পৰা বঞ্চিত নিৰাপত্তাৰক্ষী তিনিজনৰ। মুঠৰ ওপৰত চৰকাৰৰ অনীহাত এতিয়া চৰম অৰাজক অৱস্থা সৃষ্টি হৈছে অসমীয়াৰ হিয়াৰ আমঠু ডঃ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত।Body:Guwahati Conclusion:Hirul Haque

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.