ETV Bharat / state

বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিল দৌল গোবিন্দৰ দৌল উৎসৱ

author img

By

Published : Mar 13, 2020, 10:39 AM IST

ভক্তি বন্দনাৰে মুখৰিত দৌল গোবিন্দ মন্দিৰত নিমাওমাও পৰিৱেশ । বৃহস্পতিবাৰে ঘুনুচা যাত্ৰাৰে সামৰণি পৰিল দৌল গোবিন্দৰ দৌল উৎসৱৰ।

বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিল দৌল গোবিন্দৰ দৌল উৎসৱ
বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিল দৌল গোবিন্দৰ দৌল উৎসৱ

আমিনগাঁও, 12 মাৰ্চঃ বৃহস্পতিবাৰে সামৰণি পৰিল উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ ৷ এই উপলক্ষে এক দীঘলীয়া ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় । গুৰু আসনত প্ৰতিষ্ঠা কৰি উলিওৱা দীঘলীয়া শোভাযাত্ৰাটোত বহু পুৰুষ মহিলাই অংশগ্ৰহণ কৰে । গালে মুখে আবিৰৰ ৰং সানি বহু যুৱক যুৱতীয়ে শোভাযাত্ৰাত অংশ লোৱাৰ লগতে খোল তাল,নাম প্ৰসংগৰে বেণ্ড পাৰ্টি আদিৰ সুৰত সমগ্ৰ উত্তৰ গুৱাহাটী বুৰ যায় ভক্তি ৰসত । দৌল গোবিন্দ কলীয়া গোঁসাইৰ আশীষ বিচাৰি হাজাৰ হাজাৰ ভক্তই ভিৰ কৰেহি দৌলগোবিন্দ মন্দিৰত । পাঁচ দিনীয়া দৌল উৎসৱত,ধৰ্মীয় লোকাচাৰেৰে আধ্যাত্মিকতাৰ প্ৰবাহমান গঙ্গাত আত্মোৎসৰ্গা কৰিছিল প্ৰতিজন ভক্তই । ৰঙৰ উৎসৱ দৌলত সকলোৱে প্ৰাৰ্থনা কৰি ভগৱন্তৰ পৰা লাভ কৰিছিল জীৱনৰ ছন্দ । কিন্তু কলীয়া গোঁসাই দৌল গোবিন্দক এবছৰৰ বাবে বিদায় দিবলগীয়া হোৱাত চকু সেমেকি উঠে প্ৰতিজন ভক্তৰ ।

সামৰণি পৰিল দৌল গোবিন্দৰ দৌল উৎসৱ

লগতে চাওকঃ

যোৰহাটত কইনাৰ ঘৰৰ পৰিৱৰ্তে ৰঙাঘৰৰ আলহী হল দৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.