ETV Bharat / state

Panic Over Plastic Rice: খাদ্যৰ নামত চৰকাৰে দৰিদ্ৰ হিতাধিকাৰীক খুৱাইছে নেকি বৰবিহ !

সাৱধান, সুলভ মূল্যৰ দোকানৰ পৰা আপুনিও আনিছে নেকি প্লাষ্টিকৰ চাউল ? কিয়নো বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াৰ চৰকাৰী সুলভ মূল্যৰ দোকানত ওলাইছে প্লাষ্টিকৰ চাউল (Plastic rice in Rangia) ৷

author img

By

Published : Aug 2, 2022, 2:18 PM IST

Government supplies plastic rice to beneficiaries at Dobok in Rangia
খাদ্যৰ নামত চৰকাৰে দৰিদ্ৰ হিতাধিকাৰীক খুৱাইছে নেকি বৰবিহ !

ৰঙিয়া, 2 জুলাই: ৰঙিয়াৰ ডোৱকত ভয়ংকৰ ঘটনা (Panic Over Plastic Rice) । চৰকাৰে হিতাধিকাৰীক প্ৰদান কৰিছে প্লাষ্টিকৰ চাউল (Government supplies plastic rice to beneficiaries) ! সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীক প্লাষ্টিকৰ চাউল যোগান ধৰাৰ অভিযোগ ৰাইজৰ । সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনা ।

ঘটনা অনুসৰি, ৰঙিয়াৰ ডোৱকৰ কেইবাটাও দৰিদ্ৰ হিতাধিকাৰী পৰিয়ালে অঞ্চলটোৰ চৰকাৰী সূলভ মূল্যৰ দোকানৰ পৰা চৰকাৰে যোগান ধৰা চাউল আনিছিল । কিন্তু এগৰাকী হিতাধিকাৰীয়ে চাউলখিনি ধুবলৈ লওঁতেই আচৰিত হৈ পৰে । কিয়নো পানীত দিয়াৰ লগে লগে চাউলখিনি পানীত ওপঙি উঠে ৷

চাউলখিনি পানীত ওপঙি উঠাত হতভম্ব হৈ পৰে হিতাধিকাৰীগৰাকীয়ে ৷ লগে লগে চাউলখিনি প্লাষ্টিকৰ বুলি মনত সন্দেহ ওপজে হিতাধিকাৰীগৰাকীৰ । সেয়ে চাউলখিনিৰ গুনাগুণ পৰীক্ষা কৰিবলৈ পানীত দিয়াত ওপঙি উঠে চাউলখিনি ৷ লগে লগে চাউলখিনি প্লাষ্টিকৰ বুলি তেওঁলোক নিশ্চিত হয় ৷

পাছত অলপ চাউল অলপ লৈ জুই লগাই দিয়াত চাউলখিনিত জুই লাগি গলি যায় আৰু দুৰ্গন্ধ ওলায় ৷ লগে লগে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । চৰকাৰে দৰিদ্ৰ ৰাইজক এনেদৰে প্লাষ্টিকৰ চাউল যোগান ধৰা বুলি গুৰুতৰ অভিযোগ তোলে অঞ্চলটোৰ লোকসকলে (Fair price shopkeepers give plastic rice in Rangia)।

ইফালে প্লাষ্টিকৰ চাউলৰ ভাত খাই পেটৰ বিষ হোৱাৰ লগতে বিভিন্নধৰণৰ পেটৰ সমস্যাই দেখা দিয়া বুলিও অভিযোগ কৰে হিতাধিকাৰী পৰিয়ালটোৱে ৷ ফলত ক্ষোভিত হৈ ‘চৰকাৰে দৰিদ্ৰক সহায় কৰিব বিচাৰিছে তেন্তে প্লাষ্টিকৰ চাউল যোগান নধৰি ভাল চাউল যোগান ধৰক ৷ অন্যথা বন্ধ কৰি দিয়ক প্লাষ্টিকৰ চাউল’ বুলি মন্তব্য কৰে ৷

এতিয়া প্ৰশ্ন হয় সঁচাকৈয়ে চৰকাৰে ৰাইজক চাউল প্লাষ্টিক যোগান ধৰিছে নেকি ! যদি সেই চাউল প্লাষ্টিকৰ নহয় তেন্তে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াৰ চৰকাৰী সুলভ মূল্যৰ দোকানত কোনে যোগান ধৰিলে প্লাষ্টিকৰ চাউল ? অৱশ্যে এই সন্দৰ্ভত চৰকাৰে কেনেধৰণৰ পদক্ষেপ ল’ব সেয়াহে সময়তহে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: 2nd Koliabhomora Bridge Completed : ব্ৰহ্মপুত্ৰৰ ওপৰত সপ্তমখন, কলিয়াভোমোৰাৰ দ্বিতীয়খন দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.