ETV Bharat / state

এইবাৰ মন্দিৰৰ ছাগলীত পৰিল চোৰৰ চকু

author img

By

Published : Jun 17, 2021, 10:42 PM IST

ৰঙিয়াৰ ঐতিহাসিক শ্মশান কালী মন্দিৰত ভক্তই এৰি দিয়া ছাগলী ভক্ষণ চোৰৰ দলৰ ৷ ৰাইজে হাতে-লোটে কৰায়ত্ত কৰিলে ৰুবুল দাস নামৰ এটা ছাগলী চোৰক ৷

goat-theft-detained-at-rangia
এইবাৰ মন্দিৰৰ ছাগলীত পৰিল চোৰৰ চকু

ৰঙিয়া,17 জুন: লক-ডাউন আৰু সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যৰ ঠায়ে ঠায়ে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ এইবাৰ ৰঙিয়াৰ ঐতিহাসিক শ্মশান কালী মন্দিৰত ভক্তই এৰি দিয়া ছাগলী ভক্ষণৰ চেষ্টা চলালে চোৰৰ দলে ৷ 150 বছৰীয়া শ্মশান কালী মন্দিৰৰ চৌহদতে ভক্ষণৰ বাবে ছাগলী কাটিলে তিনিজনীয়া চোৰৰ দলে ৷ শতিকা পুৰণি মন্দিৰৰ চৌহদতে ছাগলী কাটি মাংস ভগাবলৈ লোৱাৰ সময়তে ৰাইজে হাতে-লোটে কৰায়ত্ত কৰিলে ৰুবুল দাস নামৰ এটা ছাগলী চোৰক ৷ স্থানীয় ৰাইজে লপা-থপা দি অৱশেষত ৰঙিয়া আৰক্ষীক গতাই দিয়ে ছাগলী চোৰ ৰুবুল দাসক ৷

এইবাৰ মন্দিৰৰ ছাগলীত পৰিল চোৰৰ চকু

উল্লেখ্য যে, শ্মশান কালী মন্দিৰৰ সমীপৰে ৰুবুল দাসৰ লগতে পিংকু বৈশ্য আৰু প্ৰণৱ বৈশ্য নামৰ তিনিজন চোৰে ছাগলী ভক্ষণৰ চেষ্টা চলোৱাৰ সময়তে ৰাইজে ঘটনাটো প্ৰতক্ষ্য কৰে ৷ ৰাইজে ঘটনাটো প্ৰতক্ষ্য কৰাৰ পাছতে ভক্ষণ কৰিবলৈ লোৱা ছাগলীটো বৰলীয়া নৈত পেলাবলৈ চেষ্টা কৰিছিল প্ৰণৱ বৈশ্য নামৰ চোৰটোৱে ৷ ৰাইজে তিনিওটা চোৰকে কৰায়ত্ত কৰাৰ চেষ্টা কৰিছিল যদিও ৰাইজৰ হাতৰ পৰা পলায়ন কৰে প্ৰণৱ বৈশ্য আৰু পিংকু বৈশ্য ৷

উল্লেখ্য যে,ভক্তসকলে মনোবাঞ্জা পূৰণৰ বাবে ঐতিহাসিক শ্মশান কালী মন্দিৰত ছাগলী এৰি দিয়ে ৷ কিন্তু মন্দিৰত ছাগলী এৰি দিয়াৰ পিছতে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে ছাগলীবোৰ ৷ ৰাইজৰ অভিযোগ,ৰুবুল দাস সহ এই তিনি চোৰে প্ৰায়ে মন্দিৰৰ ছাগলী ভক্ষণ কৰি আহিছে ৷

লগতে পঢ়কঃ ছাগলী চোৰ কৰিবলৈ চুৰে এতিয়া ব্যৱহাৰ কৰে বিলাসী বাহন (Chevrolet)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.