ETV Bharat / state

দক্ষিণ কামৰূপৰ বানাক্ৰান্তৰ "আকাংশা অসম" - দক্ষিণ কামৰূপৰ বানাক্ৰান্তৰ "আকংশা অসম"

"আকাংশা অসম" নামৰ ছাত্ৰ সকলোৰ এক বেচৰকাৰী সংস্থাৰ উদ্যোগত নহিৰাৰ প্ৰায় 250 জন বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে প্ৰয়োজনীয় সামগ্ৰী ৷ সংস্থাটোৰ শিক্ষাৰ্থী সকলে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে মাস্ক,চেনিটাৰী নেপকিন,ব্লিচিং পাউদাৰ আদি বিতৰণ কৰিলে ৷

Flood relief distributions by students
দক্ষিণ কামৰূপৰ বানাক্ৰান্তৰ "আকাংশা অসম"
author img

By

Published : Jul 28, 2020, 4:08 PM IST

দক্ষিণ কামৰূপ, 28 জুলাই : ত্ৰমাৎ জটিল হৈছে ৰাজ্যৰ বান পৰিস্থিতি ৷ প্ৰতিদিনেই বানপানীত বুৰ গৈছে নতুন-নতুন অঞ্চল ৷ ইতিমধ্যে,বানাক্ৰান্ত ৰাইজে ঘৰ-মাটি এৰি মথাউৰি বা আশ্ৰয় শিবিৰত বাস কৰাৰ উপক্ৰম হৈছে ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে কামৰূপ জিলাৰ দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলো বানপানীৰ কবলত পৰিছে ৷ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত নহিৰা অঞ্চল বানপানীৰ কবলত পৰি বানপীড়িত ৰাইজে ঘৰ-মাটি হেৰুওৱাৰ উপক্ৰম হৈছে ৷

দক্ষিণ কামৰূপৰ বানাক্ৰান্তৰ "আকাংশা অসম"

মঙলবাৰে বানত বুৰ যোৱা নহিৰা অঞ্চলত উপস্থিত হৈছে দক্ষিণ কামৰূপৰ একাংশ বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থী ৷ "আকাংশা অসম" নামৰ এক বেচৰকাৰী সংস্থাৰ উদ্যোগত নহিৰাৰ প্ৰায় 250 জন বানাক্ৰান্তৰ মাজত বিতৰত কৰিলে প্ৰয়োজনীয় সামগ্ৰী ৷ সংস্থাটোৰ শিক্ষাৰ্থী সকলে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে মাস্ক,চেনিটাৰী নেপকিন,ব্লিচিং পাউদাৰ আদি বিতৰণ কৰে ৷

যি সময়ত বানাক্ৰান্ত ৰাইজৰ খবৰ ল'বলৈ একাংশ জনপ্ৰতিনিধিৰ আহৰি নাই তেনে সময়ত বেচৰকাৰী সংস্থাটোৰ শিক্ষাৰ্থী সকলৰ এনে কাৰ্যক প্ৰসংশা কৰিছে বানাক্ৰান্ত ৰাইজে ৷

উল্লেখ্য যে,ৰাজ্যৰ 64 টা ৰাজহ চক্ৰত বানত বুৰ গৈছে 1,966 খন গাঁও ৷ তদুপৰি ৰাজ্যত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে 20,04,017 গৰাকী ব্যক্তি ৷ আনহাতে বানত বিনষ্ট হৈছে 96,452.20 হেক্টৰ কৃষি ভূমি ৷ বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা হৈছে 259 টা সাহায্য শিবিৰ ৷ এই শিবিৰসমূহত আশ্ৰয় গ্ৰহণ কৰিছে 45,550 গৰাকী বানাক্ৰান্তই ৷ বানত নিহতৰ সংখ্যা বৃদ্ধি পাইছে 103 গৰাকীলৈ ৷

লগতে পঢ়ক : শেষ হ'ল সোনম কাপুৰৰ কোৱাৰেন্টাইন পিৰিয়ড, জিমৰ পৰা ফটো দিলে অভিনেত্ৰীগৰাকীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.