ৰঙিয়া, 4 আগষ্ট: ৰঙিয়াৰ পুঠিমাৰী নৈৰ মথাউৰি ছিঙি সৰ্বস্বান্ত হোৱা বগৰীবাৰীত বানাক্ৰান্ত ৰাইজৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কৰিলে গুৱাহাটীৰ পৰা যোৱা এটা শিল্পীৰ দলে ।
বান সাহাৰ্য বিতৰণৰ বাবে যোৱা দলটোত আছিল কণ্ঠ শিল্পী ভৃগু কাশ্যপ, মণ্টুমনি শইকীয়া, ৰূপালী কাশ্যপ, গীতালী কাকতি আৰু নিৰ্মালী দাসৰ লগতে সংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত কেইবা গৰাকীও ব্যক্তি ।
দেশ বিদেশৰ বহু সুহৃদয় ব্যক্তিৰ লগতে সমাজৰ কেইবাগৰাকী বিশেষ ব্যক্তিৰ সহযোগত বৰঙণি তুলি দলটোৱে সোমবাৰে বগৰীবাৰীত দুশৰো অধিক বানাক্ৰান্তৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কৰে ।
বিতৰণ কৰা সাহাৰ্যৰ টোপোলাত চাউল দাইলৰ লগতে চাফ চিকুনতাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু মহিলাৰ ছেনিটেৰি নেপকিনো যোগান ধৰা হয় ।
লগতে চাওক-ভাৰত-চীন সংঘৰ্ষত পণবন্দী হৈছে নেকি কাশ্মীৰৰ বিখ্যাত পশমিনা ব্যৱসায় ?