ETV Bharat / state

হাজোত পুঠিমাৰী নৈৰ বিধ্বংসী ৰূপ - হাজোত পুঠিমাৰী নৈৰ কালৰূপ

হাজোত পুঠিমাৰী নৈৰ কালৰূপ ৷ হাজোৰ 2নং শৌলমাৰীৰ 10 টা পৰিয়াল বানপানীৰ বাবে যাবলগীয়া হৈছে অন্য ঠাইলৈ ৷ শনিবাৰে এই হাজোৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাসে পৰিস্থিতিৰ বুজ লৈ গৰাখহনীয়া ৰোধৰ প্ৰাথমিক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰে ৷

হাজোত পুঠিমাৰী নৈৰ বিধ্বংসী ৰূপ
হাজোত পুঠিমাৰী নৈৰ বিধ্বংসী ৰূপ
author img

By

Published : May 23, 2020, 7:42 PM IST

হাজো, 23 মে’: কিছুদিন ধৰি ৰাজ্যত নেৰা-নেপেৰা বৰষুণ আৰু ভূটান চৰকাৰে এৰি দিয়া পানীৰ ফলত পুঠিমাৰী নৈৰ জলপৃষ্ট ফেনে-ফুটুকাৰে ওফন্দি উঠিছে । নৈখনৰ বাঢ়নী পানী বিপদ সীমাৰ ওপৰৰে বৈ গৈছে । এনে পৰিস্থিতিত নৈপৰীয়া ৰাইজৰ লগতে হাজো বিধান সভা সমষ্টিৰ অন্তৰ্গত গাঁৱৰ জনসাধাৰণো শংকাত ভুগিবলগীয়া হৈছে । বিগত বৰ্ষতো পুঠিমাৰী নদীৰ বাঢ়নী পানীয়ে আঠগাঁও, সোনাপুৰ আৰু কচুৱাৰবড়ীৰ তিনিটাকৈ স্থানত মথাউৰি ছিগি হাজোৰ প্ৰায় সংখ্যাক গাঁও বুৰাই পেলোৱাত এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছিল হাজোৰ নৈপৰীয়া ৰাইজে ।

বিগত বৰ্ষৰ লেখীয়াকৈ এইবাৰো হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত হাজোৰ 10 টা পৰিযাল অন্য ঠাইলৈ যাবলগীয়া হোৱাত চিন্তিত হৈ পৰিছে হাজোৰ 2নং শৌলমাৰীৰ জনতা । চৰকাৰ তথা বান নিযন্ত্ৰণ বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ৰাইজৰ অভিযোগ মৰ্মে, যোৱা 5 বছৰে অসম চৰকাৰক আবেদন জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে, যাৰ ফলত যোৱাবছৰো বানপানীয়ে পুঠিমাৰী নৈৰ গৰাখহনীয়াৰ কবলত পৰি প্ৰায় 100 ঘৰ মানুহ অন্য ঠাইলৈ যাবলগীয়া হৈছিল । সেয়েহে ইয়াকে লৈ শৌলমাৰী ৰাইজ আতংকিত হৈ পৰিছে ।

হাজোত পুঠিমাৰী নৈৰ বিধ্বংসী ৰূপ

শনিবাৰে এই পৰিস্থিতিৰ বুজ লয় হাজোৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাসে । হাজোবাসীৰ ৰাইজৰ সৈতে সমস্যাৰ বিষয়ে আলোচনা কৰি হাজোৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ সৈতে যোগাযোগ কৰে চক্ৰ বিষয়াগৰাকীয়ে ৷ তেওঁ হাজোবাসীৰ লগতে বিষয়া-কৰ্মচাৰীক গৰাখহনীয়া ৰোধৰ প্ৰাথমিক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়ে ।

লগতে পঢ়ক: বিপদসীমাৰ ওপৰেৰে বৈছে পুঠিমাৰী নৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.