ETV Bharat / state

চপৰা চপৰে খহিছে বৰলীয়াৰ পাৰ : সৰ্বস্বান্ত নৈপৰীয়া ৰাইজ

বৰলীয়া নৈৰ গঢ়াখহনীয়াই কাঢ়ি নিছে নৈপৰীয়া ৰাইজৰ আপোন বাসগৃহ ৷ ইয়াৰ পাচতো কাণসাৰ দিয়া নাই জলসম্পদ বিভাগ তথা চৰকাৰে ৷

সৰ্বস্বান্ত নৈপৰীয়া ৰাইজ
চপৰা চপৰে খহিছে বৰলীয়াৰ পাৰ
author img

By

Published : Dec 4, 2019, 1:44 PM IST

ৰঙিয়া, 4 ডিচেম্বৰ : ৰঙিয়াৰ হাচানটোকৰ ৰাইজে কটাব লগা হৈছে বিনিদ্ৰ ৰজনী ৷ অঞ্চলটোৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈৰ ঢলৰ ফলত ইতিমধ্যে অঞ্চলটোৰ বহু হাজাৰ বিঘা কৃষি ভূমি জাহ গৈছে । বহুলোকে নিজৰ আপোন বাসগৃহও নৈৰ ঢলত হেৰুৱাব লগা হৈছে ৷

চপৰা চপৰে খহিছে বৰলীয়াৰ পাৰ

ৰাইজৰ দুখ-দুৰ্দশাৰ পাচতো জলসম্পদ বিভাগ অথবা চৰকাৰে কাণসাৰ নিদিয়াৰ লগতে কোনো ধৰণৰ সহায় প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাই আহিছে যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা লোৱা নাই ৷ তাৰোপৰি, বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকৰ বাবে চৰকাৰে ঘোষণা কৰা ক্ষতিপূৰণো বৰলীয়া নৈপৰীয়া লোকসকলে লাভ কৰা নাই বুলি জানিব পৰা গৈছে ৷ ভেটি-মাটি হেৰুৱাই সৰ্বস্বান্ত হোৱা দূৰ্ভগীয়া পৰিয়ালকেইটাৰ খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ ।

আৰু পঢ়ক : জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ জোঁৰ সমদল

Intro:চপৰা চপৰে খহিছে বৰলীয়াৰ পাৰBody:ৰঙিয়াৰ হাচানটোকৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাইছে এতিয়া। অঞ্চলটোৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈৰ পাৰতে বছৰ বছৰ ধৰি বসবাস কৰা নৈপৰীয়া ৰাইজৰ জীৱনত বিধি পথালি দিছে নৈখনে। বছৰে বছৰে বৰলীয়া নৈত অহা ঢলত ইতিমধ্যে অঞ্চলটোৰ বহুত হাজাৰ বিঘা কৃষি ভূমি জাহ গৈছে। জাহ গৈছে বহু লোকৰ মৰমৰ ঘৰখন লগতে কেইবাটাওও গৃহ জাহ যোৱাৰ উপক্ৰম হৈছে। আতংকিত হৈ পৰিছে গঞা ৰাইজ । কানসাৰ নাই জলসম্পদ বিভাগ অথবা চৰকাৰৰ । চৰকাৰ, সংশ্লিষ্ট বিভাগ অথবা নেতা-মন্ত্ৰী কোনেৱে এওঁলোকক সহায় নকৰে । এইসকল লোকৰ জ্বলন্ত সমস্যাকলৈ মুঠেও দায়িত্ববোধ নাই । বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাই আহিছে যদিও আজিলৈকে কোনো ব্যৱস্থা লোৱা হোৱা নাই। আনকি এওঁলোকে বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকৰ বাবে চৰকাৰে ঘোষণা কৰা ক্ষতিপূৰণো লাভ কৰা নাই। নৈ পৰীয়া গঞা ৰাইজ বৰলীয়া নৈৰ ভংয়কৰ খহনীয়াৰ তাণ্ডৱ ৰূপত আংতকিত হৈ পৰিছে । ভেটি-মাটি হেৰুৱাই সৰ্বস্বান্ত হোৱা দূৰ্ভগীয়া পৰিয়ালকেইতাৰ খবৰ লবলৈ আহৰি নাই কোনোজনপ্ৰতিনিধিৰ।
Bite:- স্থানীয় ৰাইজConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.