ETV Bharat / state

ৰূপহীহাটৰ তাৰাবাৰীত ৰাইজৰ দলৰ যোগদান সমাৰোহ - ৰূপহীহাটৰ তাৰাবাৰী

বিধানসভা নিৰ্বাচনক লৈ ৰাইজৰ দলৰ প্ৰস্তুতি তুংগত । নগাঁৱৰ ৰূপহীহাটৰ তাৰাবাৰীত ৰাইজৰ দলৰ যোগদান সভা । তাৰাবাৰী ইদ্ৰিছ মে'মৰিয়েল জুনিয়ৰ কলেজত অনুষ্ঠিত ৰাইজৰ দলৰ সভাত সহস্ৰাধিক লোকৰ অংশগ্ৰহণ ।

ৰূপহীহাটৰ তাৰাবাৰীত ৰাইজৰ দলৰ যোগদান সমাৰোহ

author img

By

Published : Feb 8, 2021, 1:42 PM IST

ৰূপহীহাট, ৮ ফেব্ৰুৱাৰী: সমাগত ৰাজ্যৰ বিধান সভা নিৰ্বাচন । ৰাজ্যৰ আন আন সমষ্টিৰ লগতে নগাঁৱৰ ৮৫ নং ৰূপহীহাট বিধানসভা সমষ্টিতো ৰাজনৈতিক দলবোৰে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । কংগ্ৰেছৰ দূৰ্গ স্বৰূপ সমষ্টিটোত কংগ্ৰেছ,এ আই ইউ ডি এফ,বিজেপিৰ সমান্তৰালকৈ নৱগঠিত ৰাইজৰ দলেও ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ দেওবাৰে সমষ্টিটোৰ তাৰাবাৰী ইদ্ৰিছ মে'মৰিয়েল জুনিয়ৰ কলেজত ৰাইজৰ দলৰ নিৰ্বাচনী সভা আৰু যোগদান সমাৰোহ অনুষ্ঠিত কৰা হয় ।

ৰূপহীহাটৰ তাৰাবাৰীত ৰাইজৰ দলৰ যোগদান সমাৰোহ

দলটোৰ কেন্দ্ৰীয় সমিতিৰ নেতা ৰাজু বৰাৰ উপস্থিতত বিভিন্ন দলৰ সহস্ৰাধিক লোকে যোগদান কৰে ৰাইজৰ দলত । উক্ত সভাত ৰাজু বৰাই বিজেপি আৰু কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে । লগতে সমষ্টিটো এইবাৰ ৰাইজৰ দলে দখল কৰিব বুলিও দাবী কৰে । বিধানসভা নিৰ্বাচনত বিজয়ী হৈ আঞ্চলিক শক্তিৰ নেতৃত্বত দিছপুৰ দখল কৰিব বুলিও দাবী কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই । এই সভাত ৰূপহীহাটৰ ৰাইজৰ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ইক্ৰামুল মজিদ,চিকিৎসক ছফিকুল ইছলাম আৰু এ কে আবুলাছৰ লগতে কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:ৰঙিয়া ৰেল জংচনত যাত্ৰীসকলৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.