ৰঙিয়া,4 ফেব্ৰুৱাৰীঃ মাৰ্চ মাহৰ পৰা অসমত চলাচল হ’ব বৈদ্যুতিক ৰেল ৷ উত্তৰ-পূৱ সীমান্ত ৰেলৱে অসমবাসীলৈ কঢ়িয়াই আনিছে সুখবৰ । আগন্তুক মাৰ্চ মাহৰ শেষৰ পৰা অসমত আৰম্ভ হ’ব বৈদ্যুতিক ৰেলৰ চলাচল । উল্লেখযোগ্য শব্দ আৰু বায়ু প্ৰদুষণ মুক্ত বৈদ্যুতিক ৰেলেৰে যাতায়ত কৰিলে পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানত উপস্থিত হ’ব পাৰিব যাত্ৰীসকলে । সম্প্ৰতি বৈদ্যুতিক ৰেল চলাচলৰ বাবে দিনে নিশাই বৈদ্যুতিকৰণৰ কাম অব্যাহত ৰাখিছে ৰঙিয়া ৰেল বিভাগৰ কৰ্মচাৰী সকলে ।
আনহাতে ৰঙিয়া সংমণ্ডলৰ অধীনৰ নিউ বঙাইগাঁও-চাংসাৰী,নিউ বঙাইগাঁও-যোগীঘোপা ষ্টেচনৰ ওপৰেদি পাৰ হৈ যোৱা বৈদ্যতিক তাৰত উচ্চ ক্ষমতা সম্পন্ন ২২ কে ভি ভল্টৰ বিদ্যুৎ সংযোগ কৰা হ’ব । ২৪ ঘন্টাই সজীৱ হৈ থকা এই বৈদ্যুতিক তাঁৰৰ ২ মিটাৰৰ ভিতৰত বৰ্তমান অকতৃত্বশীলভাৱে কাম কৰা,ষ্টেচনৰ বৈদ্যুতিক সামগ্ৰী স্পৰ্শ কৰা আদিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰেল বিভাগে ।
লগতে পঢ়কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেলেংকাৰীঃ কেইবাজনো বিষয়াক নিলম্বন