ৰঙিয়া,২১ আগষ্ট : ৰঙিয়া জিলা ক্যাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে জিলা ভিত্তিক ক্যাৰাটে প্ৰতিযোগিতা (Karate Competition in Rangia)। দেওবাৰে ৰঙিয়াৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰত অনুষ্ঠিত হয় এই ৰঙিয়া জিলা ক্যাৰাটে প্ৰতিযোগিতাৰ । য'ত কামৰূপ জিলাৰ বিভিন্ন ক্লাৱৰ ৩৩০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে অসম ৰাজ্যিক ক্যাৰাটে সন্থাৰ সভাপতি তথা কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই (MLA Diganta Kalita inaugurates karate competition)।
৪ টা শাখাত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা । ১৮ টা ক্লাবৰ খেলুৱৈসকলক চাব জুনিয়ৰ, কেডেট, জুনিয়ৰ আৰু চিনিয়ৰ এই চাৰিটা শাখাত বিভক্ত কৰি খেল অনুষ্ঠিত কৰা হয় । খেলুৱৈসকলক উৎসাহ দিয়াৰ উদ্দেশ্যে অঞ্চলটোৰ বহু ক্ৰীড়াপ্ৰেমীয়ে খেল উপভোগ কৰে ।
আনহাতে এই ক্যাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বহু যুৱক-যুৱতীয়ে জিলাখনৰ পৰা গৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুযোগ পোৱাৰ লগতে দেশৰ নাম গৌৰৱান্বিত কৰিব পাৰিব বুলি আশাবাদী বিধায়ক দিগন্ত কলিতা । প্ৰতিযোগিতাত উপস্থিত থাকে ৰঙিয়া জিলা ক্যাৰাটে সন্থাৰ সম্পাদক মাজহাৰুল ইছলাম, সভাপতি নিপন ভূঞা, সাধাৰণ সম্পাদক দুদুল শালৈৰ লগতে ৰঙিয়াৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ।
লগতে পঢ়ক :ফিফাৰ নিৰ্বাচনৰ মাজতে বিশ্ব ফুটবলত ইতিহাস সৃষ্টি ভাৰতীয় মহিলা ফুটবলাৰৰ