ETV Bharat / state

এটা ট্ৰান্সফৰ্মাৰে টেনচন বঢ়াইছে এখন গাঁৱৰ ৰাইজৰ

author img

By

Published : Aug 11, 2021, 7:43 PM IST

মাটিৰ পৰা মাত্ৰ ডেৰ ফুট উচ্চতাত থকা এটা হাই ভল্টেজৰ ট্ৰান্সফৰ্মাৰ ৷ এই বিশেষ ট্ৰান্সফৰ্মাৰটোৱে জলা-কলা খুৱাইছে অঞ্চলবাসীক ৷ কিন্তু কিয় ?

Dangerous is a high voltage transformer
বিদ্যুৎ বিভাগৰ আজৱ কৰ্মকাণ্ড

ৰঙিয়া,11 আগষ্ট : শক্তি বিভাগৰ আজৱ কৰ্মকাণ্ডক লৈ চিন্তিত হৈ পৰিছে এতিয়া ৰাজ্যবাসী ৷ কেতিয়াবা যদি ৰাজ্যৰ কোনো স্থানত নাই বিদ্যুতৰ সংযোগ, তেন্তে আন কোনো স্থানত নাই পৰ্যাপ্ত বিদ্যুতৰ ভল্টেজ(Power) ৷ এইবাৰ বিদ্যুতৰ হাই ভল্টেজৰ ট্ৰান্সফৰ্মাৰ(High Voltage Transformer)ক লৈ শংকিত হৈ পৰিছে এখন গাঁও ৷

শক্তি বিভাগৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰা গাঁওখন হৈছে ৰঙিয়াৰ পিতাম্বৰ হাটবজালী ৷ গাঁওখনত এটা বিদ্যুতৰ হাই ভল্টেজৰ ট্ৰান্সফৰ্মাৰে জলা-কলা খুৱাইছে অঞ্চলবাসীক ৷ কিয়নো ৰাজপথৰ কাষতে বিপদজনকভাৱে ৰাখি থোৱা হৈছে এটা হাই ভল্টেজৰ ট্ৰান্সফৰ্মাৰ (High Voltage Transformer)। যিকোনো মূহুৰ্ততে সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা । এই সন্দৰ্ভত শংকা ব্যক্ত কৰি বাৰম্বাৰ বিদ্যুৎ বিভাগক অৱগত কৰা হৈছিল যদিও সুফল নাপালে ৰাইজে ৷

এটা ট্ৰান্সফৰ্মাৰে টেনচন বঢ়াইছে এখন গাঁৱৰ ৰাইজৰ

জানি আচৰিত হ’ব আপুনিও ৷ আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ সমীপৰ এটি গুৰুত্বপূৰ্ণ পথৰ কাষত মাটিৰ পৰা মাত্ৰ ডেৰ ফুট উচ্চতাত আছে এই হাই ভল্টেজৰ ট্ৰান্সফৰ্মাৰটো । এনেদৰে বিপদজনকভাৱে উন্মুক্ত অৱস্থাত থকা ট্ৰান্সফৰ্মাৰটোৰ বাবে ইতিমধ্যে বহু পশুধনৰ মৃত্যু হৈছে গাঁওখনত ।

লগতে পঢ়ক : নাওবৈচাত বিদ্যুৎ বিচাৰি ৰাইজৰ উত্তাল প্ৰতিবাদ

বিপদজনকভাৱে হাই ভল্টেজৰ ট্ৰান্সফৰ্মাৰটো উন্মুক্ত অৱস্থাত থকাৰ বাবে ভয়, শংকা আৰু আতংকৰ মাজেৰে দিন পাৰ কৰিব লগাত পৰিছে ৰাইজে । বিশেষকৈ বৰষুণ আহিলেই চিন্তিত হৈ পৰে গাঁওবাসী ৷ কিয়নো বহুবাৰ বৰষুণৰ বতৰত জ্বলি গৈছিল ট্ৰান্সফৰ্মাৰটো ৷ পুনৰ এক ভয়ংকৰ অঘটন হোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে এতিয়া ৰঙিয়াৰ পিতাম্বৰ হাটবজালীবাসী ৷

আনহাতে, বিপদজনকভাৱে উন্মুক্ত অৱস্থাত ট্ৰান্সফৰ্মাৰটো ৰাখি থোৱা ঘটনাই বিদ্যুৎ বিভাগৰ দায়িত্বজ্ঞানহীনতাকে পুনৰবাৰ প্ৰমাণিত কৰিলে । ইফালে বিদ্যুতৰ খুঁটাৰ পৰা হাই ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ সুলকি পৰি মাটিৰ পৰা প্ৰায় কেই ফুট মান ওপৰত বিপদ সংকুলভাৱে বহুদিন ধৰি ওলমি আছে ৷ কিন্তু ইমানৰ পিছতো কোনো কাণ সাৰ নাই বিদ্যুৎ বিভাগৰ ।

যাৰবাবে ৰাইজে বাঁহৰ খুঁটা ব্যৱহাৰ কৰি বিদ্যুৎ সংযোগ কৰি ল’বলৈ বাধ্য হৈছে । এই অভিযোগ তৰিছে স্থানীয় ৰাইজে ৷ বিদ্যুৎ বিভাগক এই ক্ষেত্ৰত অতি শীঘ্ৰেই উছিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: ‘I look into’...কাক হোৱাটছ এপ মেছেজৰ ৰিপ্লাই দিলে শক্তিমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.