দক্ষিণ কামৰূপ/আজাৰা, 9 নৱেম্বৰ : নিজৰ জীৱনকো তুচ্চ কৰি ক’ভিড কেয়াৰ চেন্টাৰসমুহ চাফ চিকুন কৰি ক’ভিড যোদ্ধা ৰূপে ৰাজ্যবাসীৰ ওচৰত পৰিচিত হৈ পৰা এচাম যুৱক যুৱতী এতিয়া ৰাজ্য চৰকাৰৰ বাবে এলাগী হৈ পৰিছে । নামনি অসমৰ কামৰূপ, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ আৰু ধুবৰী জিলাৰ বিভিন্ন কোৱাৰেইন্টাইন চেন্টাৰসমূহত প্ৰায় ৩,০০০ যুৱক যুৱতীক ছমাহৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে চাফাই কৰ্মী হিচাপে নিযুক্তি দিছিল ।
কিন্তু ৬ মাহ উকলি নৌযাওঁতেই তিনি মাহতে কোনো আগতীয়া জাননী নিদিয়াকৈ চৰকাৰে কামৰ পৰা ছাটাই কৰে এইসকল চাফাই কৰ্মীক । যাৰ ফলত সোমবাৰে মিৰ্জাৰ মামনী ৰয়চম চ’কত নামনি অসমৰ শ শ চাফাই কৰ্মীয়ে পুনৰ সংস্থাপনৰ দাবীত মৌন অৱস্থাৱন ধৰ্মঘট পালন কৰে । প্ৰতিবাদকাৰীসকলে তেওঁলোকক ক’ভিডৰ পিচতো পুনৰ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি পালন নকৰিলে অনাগত দিনত ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যা কৰাৰ হুংকাৰ দিয়ে ।
লগতে পঢ়ক : ওদালগুৰিত তিনিখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ