ETV Bharat / state

অমিত শ্বাহৰ জনসভাত কোভিড প্ৰট’কল ভংগ !

আমিনগাঁৱত শনিবাৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল জনসভা ৷ উক্ত সভাত পৰিলক্ষিত হৈছে কোভিড প্ৰট’কল ভংগ কৰা ৷

author img

By

Published : Dec 26, 2020, 7:36 PM IST

Covid 19 protocol break on meeting of amit shah amingaon etv bharat news
অমিত শ্বাহৰ জনসভাত কোভিড প্ৰট’কল ভংগ !

আজাৰা,26 ডিচেম্বৰ: বিগত প্ৰায় 9 মাহৰ পৰা সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি আহিছে কোভিড ১৯ য়ে ৷ বৰ্তমান এই পৰিস্থিতি কিছু পৰিমাণে শাম কাটিছে যদিও শেষ হোৱা নাই কোভিড 19 ৰ আতংক ৷ আনকি বৰ্তমান পূৰ্বতকৈ অধিক শক্তিশালী হৈ পৰিছে কৰ’ণা ভাইৰাছ ৷ বৃটেইনৰ লগতে ফ্ৰান্স, চীন আদিত আৰম্ভ হৈছে কৰ’ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইন ৷ কিন্তু কৰ’ণা ভাইৰাছক যেন তীব্ৰ প্ৰত্যাহ্বানহে জনাইছে অসম চৰকাৰে ৷ বিগত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাৰ পৰা আৰম্ভ কৰি শনিবাৰে আমিনগাঁৱত অনুষ্ঠিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জনসভালৈকে ক’তোৱে দেখা নগ’ল কৰ’ণাৰ আতংক ৷ এই জনসভাত অংশগ্ৰহণ কৰা প্ৰায় সংখ্যক লোককে দেখা যায় কোভিড প্ৰট’কল ভংগ কৰা ৷

শনিবাৰে পুৱতি নিশা বিশেষ বিমানযোগে বৰঝাৰত উপস্থিত হোৱা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহক বিমানবন্দৰত আদৰণি জনাইছিল প্ৰায় সহস্ৰাধিক দলীয় নেতা-কৰ্মীয়ে ৷ শনিবাৰে আমিনগাঁৱস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত গৃহমন্ত্ৰীগৰাকীক মুখ্য অতিথি হিচাপে লৈ অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত বিশাল জনসভা ৷ প্ৰায় লক্ষাধিক জন সাধাৰণ উপস্থিত থকা এই সভাত মানি চলা পৰিলক্ষিত নহ’ল কোনো কোভিড প্ৰ’টকল ৷ শূন্য দুৰত্বৰ ব্যৱধানতে আসন গ্ৰহণ কৰে উপস্থিত ৰাইজে ৷ তদুপৰি কোনো এগৰাকী ব্যক্তিকে সঠিক ৰূপত মাস্ক পৰিধান কৰা দেখা নগ’ল ৷

উল্লেখ্য যে, ৰাজ্যত কোভিড 19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল কেতবোৰ নতুন নিৰ্দেশনা ৷ সেই অনুসৰি, ১০ জানুৱাৰীলৈ ৰাজহুৱা স্থানত ৫০ জনতকৈ অধিক লোক একগোট হোৱাৰ ক্ষেত্ৰত জাৰি কৰা হৈছিল নিষেধাজ্ঞা ৷ কিন্তু এতিয়া এইবোৰ নিয়ম যেন কেৱল প্ৰযোজ্য সাধাৰণ লোকৰ বাবেহে ৷ ৰজাঘৰীয়াই খোদ এই নিয়ম ভংগ কৰিব পাৰে ! তদুপৰি ৰাজনৈতিক সভাত প্ৰযোজ্য নহয় এই নিয়ম ৷

লগতে চাওকঃ জোৰশিমলুত 100 কাৰ্টন চোৰাং মিঠাতেল জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.