ETV Bharat / state

ন্যায় বিচাৰি মহকুমাধিপতিৰ কাৰ্যালয়ৰ কাষ চাপিল বঞ্চিত কৃষক

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত ৰঙিয়াত সৃষ্টি হৈছে ব্যাপক অনিয়ম ৷ প্ৰস্তুত কৰা তালিকাত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ভূৱা কৃষকৰ নাম অন্তভূক্ত কৰাৰ অভিযোগ ৰাইজৰ ৷ মংগলবাৰে দুৰ্নীতিৰ উচিত তদন্ত বিচাৰি বৰদল গাওঁ পঞ্চায়তৰ অন্তৰ্গত গোঁসাই শ'লমাৰী আৰু কাছাৰী শ'লমাৰী গাঁৱৰ ৰাইজ উপস্থিত হ'ল মহাকুমাধিপতিৰ কাৰ্যালয়ত ৷

Corruption PM Kisan Samman Nidhi Scam across Assam Poor farmers fooled in the name of agriculture scheme
দুৰ্নীতিৰ অভিযোগ লৈ মহকুমাধিপতীৰ কাৰ্যালয়ত ভূক্তভোগী
author img

By

Published : May 13, 2020, 11:14 AM IST

ৰঙিয়া, 13 মে' : প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত সৃষ্টি হোৱা দুৰ্নীতিৰ উচিত তদন্ত বিচাৰি মংগলবাৰে ৰঙিয়াৰ বৰদলবাসী ৰাইজ উপস্থিত হ'ল মহকুমাধিপতিৰ কাৰ্যালয়ত ৷ ৰাইজৰ অভিযোগ অনুসৰি, ৰঙিয়াৰ বৰদল গাঁও পঞ্চায়তৰ অন্তৰ্গত গোঁসাই শ'লমাৰী আৰু কাছাৰী শ'লমাৰী গাঁৱত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত ব্যাপক অনিয়মৰ সৃষ্টি হৈছিল ৷ পঞ্চায়ত প্ৰতিনিধিয়ে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ভুৱা কৃষকৰ নাম তালিকাত অন্তভূক্ত কৰাৰ অভিযোগ ৰাইজৰ ৷

দুৰ্নীতিৰ অভিযোগ লৈ মহকুমাধিপতীৰ কাৰ্যালয়ত ভূক্তভোগী

আনকি, একে নিশাতেই বহু অচিনাকী ব্যক্তিৰ নাম তালিকাত অন্তভূক্ত কৰাৰ অভিযোগ অভিযোগকাৰীৰ ৷ বহুতো কৃষি ভূমি নথকা ব্যক্তিৰ লগতে চৰকাৰী কৰ্মচাৰীৰ নামো তালিকাত অন্তভূক্ত হোৱাৰ তথ্য দাঙি ধৰিলে ৰাইজে ৷

অঞ্চলটোৰ ৰাইজে উক্ত দুৰ্নীতিৰ তদন্ত বিচাৰি বুধবাৰে ৰঙিয়া মহকুমাধিপতি ডঃ বেদাংগ তালুকদাৰক অৱগত কৰি লিখিত ভাবে অভিযোগ দাখিল কৰে ৷ একাংশ ৰাজনৈতিক নেতা আৰু মধ্যভোগী দালালৰ হস্তক্ষেপত প্ৰস্তুত হোৱা তালিকাখনৰ পৰা ভূৱা কৃষকৰ নাম কৰ্তন কৰি প্ৰকৃত কৃষকৰ নাম তালিকাত অন্তভূক্ত কৰিবলৈ ৰাইজে মহকুমাধিপতিক অনুৰোধ জনাই ৷

লগতে পঢ়ক : কিতাপৰ পৰিৱৰ্তে হাতত ৰেঞ্চ ধৰি জীৱন যুঁজত নামিছে ভিতালী...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.