ETV Bharat / state

ছয়গাঁৱত অগপত ব্যাপক খহনীয়া

ছয়গাঁৱত অগপত ব্যাপক খহনীয়া ৷ বটাহিদিয়া গাঁও পঞ্চায়তৰ সভাপতিসহ ৯ গৰাকী সদস্যৰ কংগ্ৰেছত যোগদান ৷ সমষ্টিটোৰ ৰাজীৱ ভৱনত শনিবাৰে নিশা প্ৰায় ১১ বজাত আটাইকেইগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে কংগ্ৰেছত যোগদান কৰে ৷

ছয়গাঁৱত অগপত ব্যাপক খহনীয়া
ছয়গাঁৱত অগপত ব্যাপক খহনীয়া
author img

By

Published : Mar 28, 2021, 11:27 AM IST

ছয়গাঁও,২৮ মাৰ্চ: ছয়গাঁও সমষ্টিৰ অগপ প্ৰাৰ্থী ডাঃ কমলা কলিতাৰ সংগ এৰিলে বতাহীদিয়া গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে ৯ জন পঞ্চায়ত সদস্যই । সমষ্টিটোৰ ৰাজীৱ ভৱনত শনিবাৰে নিশা প্ৰায় ১১ বজাত আটাইকেইগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে কংগ্ৰেছ দলত যোগদান কৰে ৷ বতাহীদিয়া গাঁও পঞ্চায়তৰ সভাপতি আলতাব হুছেইনৰ লগতে পঞ্চায়তখনৰ ৱাৰ্ড সদস্য আব্দুছ সুভান, ৰবিউল হক, আব্দুল বাৰিক, উচমান আলী, ৰবিউল হুছেইন, চনেজউদ্দিন, বানিচ আলী, চাহজাহান আৰু চাহজাহান আলীয়ে কংগ্ৰেছ দলত যোগদান কৰে ।

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুল ৰেজ্জাকে আঁত ধৰা এই অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁও সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ, গৰৈমাৰী জিলা পৰিষদৰ সদস্য ছাবেলউদ্দিনৰ লগতে কেবাগৰাকীও কংগ্ৰেছ নেতা । কংগ্ৰেছ দলত যোগদান কৰি পঞ্চায়ত সভাপতি আলতাব হুছেইনে মন্তব্য কৰে যে ৰাইজ যিফাল যায় তেওঁলোকেও সেইফালে যাব । ছয়গাঁও সমষ্টিৰ ৰাইজ এতিয়া বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগত আছে, কমলা কলিতাৰ লগত নাই । উল্লেখ্য যে, পঞ্চায়ত প্ৰতিনিধি সকলৰ লগতে শতাধিক লোকেও নিশা কংগ্ৰেছ দলত যোগদান কৰে ।

লগতে পঢ়ক: ভোটদাতা ৰাইজক ধন্যবাদ জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.