দক্ষিণ কামৰূপ,৮ এপ্ৰিলঃ দক্ষিণ কামৰূপত ৰাভা ছাত্ৰ সন্থাই পুনৰ দেওবাৰে নিশা জব্দ কৰে চোৰাং কাঠভৰ্তি বাহন ।এই ঘটনাৰ পাছতেই দক্ষিণ কামৰূপৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্য্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে বৰদুৱাৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই ।
অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি থকা বনধ্বংস নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ বনাঞ্চলিক বিষয়া আৰু বন কৰ্মী সকল । বনবিভাগ ৰক্ষা কৰাত চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগত ছাত্ৰ সন্থাই দাহ কৰে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি । মুখ্যমন্ত্ৰীৰ লগতে বনমন্ত্ৰীৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাভা ছাত্ৰ সন্থাই । ইয়াৰোপৰি অতি শীঘ্ৰে বনধ্বংস ৰোধ নকৰিলে আগন্তুক লোক সভা নিৰ্বাচনত সংগঠনটোৱে বিজেপিৰ বিৰুদ্ধে ভোট বৰ্জন কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ হুংকাৰ দিয়ে ।