ৰঙিয়া, 7 আগষ্ট : ৰঙিয়াত বেংকৰ পৰা উলিয়াই অনা 2 লাখ টকা ভৰ্তি বেগ দুৰ্বৃত্তই কাঢ়ি নিয়া চাঞ্চল্যকৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত ৷ হেলমেট পৰিধান কৰি বাইকত অহা দুই দুৰ্বৃত্তই চিনেমাৰ কায়দাৰে ৰাজেশ্বৰ স্বৰ্গীয়াৰী নামৰ লোকজনৰ পৰা কাঢ়ি নিয়ে সমগ্ৰ ধন । ৰঙিয়াৰ এইচডিএফচি বেংকৰ সন্মুখত এখন তীব্ৰবেগী ক'লা আৰু ৰঙা পালচাৰ বাইকত অহা দুৰ্বৃত্তৰ দলটোৱে থপিয়াই নিয়ে বেগটো ।
গৃহ নিৰ্মাণৰ বাবে টকাখিনি এছবিআই বেংকৰ পৰা উলিয়াই অনা স্বৰ্গীয়াৰী আৰু তেওঁৰ এজন বন্ধুৱে বাইকত উঠি তামুলপুৰ অভিমুখে ৰাওনা হৈছিল । বাটতে এটা এইচডিএফচি বেংকত বন্ধুজনে ধন জমা কৰাৰ উদ্দেশ্যে বাইকখন ৰখাওঁতেই দুৰ্বৃত্ত দুটাই থপিয়াই নিয়ে বেগটো । পিছত ভুক্তভোগী ৰাজেশ্বৰে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে ।