ETV Bharat / state

প্ৰেমত প্ৰতাৰিত হৈ চিপ ল’লে যুৱকে - ৰঙিয়াৰ তিতকুৰিত অবৈধ প্ৰেমৰ কৰুণ পৰিণতি

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা ৷ চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ ৷ প্ৰেমত প্ৰতাৰিত হৈ আত্মহত্যা কৰাৰ সন্দেহ ৷

boy-suicide-at-rangia
প্ৰেমৰ কৰুণ পৰিণতিঃ ৰঙিয়াত চিপ লৈ আত্মহত্যা যুৱকৰ
author img

By

Published : Nov 21, 2020, 3:44 PM IST

ৰঙিয়া, 21 নৱেম্বৰ: ৰঙিয়াৰ তিতকুৰিত অবৈধ প্ৰেমৰ কৰুণ পৰিণতি ৷ প্ৰেমত প্ৰতাৰণা সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত ল’লে মোস্তোফা আলী নামৰ এজন যুৱকে ৷ ঘৰত কোনো নথকা অৱস্থাতে যুৱকজনে চিপ লৈ আত্মহত্যাৰ চেষ্টা কৰে ৷ পৰিয়ালৰ লোকে ঘটনাটো প্ৰত্যক্ষ কৰি লগে লগে মোস্তাফাক চিকিৎসালয়লৈ লৈ যায় যদিও আধা বাটতেই মৃত্যু হয় মোস্তাফাৰ ৷

উল্লেখযোগ্য যে, মৃত যুৱকজনৰ নিজা সামগ্ৰী সমূহৰ পৰা এটা আত্মহত্যাৰ টোকা উদ্ধাৰ হৈছে ৷ য'ত নিজৰ প্ৰেমৰ বিষয়ে বিস্তৃত ভাবে লিখি থৈ গৈছে যুৱক জনে ৷ আনকি ফোনৰ পাচৱৰ্ডো লিখি থৈ গৈছে যুৱকজনে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৰঙিয়া আৰক্ষীয়ে ৷

লগতে পঢ়কঃ লখিমপুৰত কংগ্ৰেছৰ সভাত দলীয় কৰ্মীৰ মাজতে মাৰ-পিট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.