গুৱাহাটী,14জুলাইঃ মহানগৰীৰ মাজমজিয়াৰ এটা জৰাজীৰ্ণ পথ ৷ অত্যাধিক বোজা কঢ়িওৱা ট্ৰাকৰ লগতে গুৱাহাটী পৌৰ নিগমৰ কেইবাখনো জাৱৰ নিষ্কাষণ কৰা ট্ৰাক চলে উক্ত পথছোৱাৰে । ডাম্পিং গ্ৰাউণ্ডলৈ পথছোৱাৰে ট্ৰাকসমূহ যোৱাৰ ওপৰি অঞ্চলটোত কেইবাটাও কাৰখানা আৰু গুদাম আছে । ইপিনে আবাসিক এলেকাটোত সঘনাই ট্ৰাক চলাচল কৰাৰ ফলত পথৰ মাজতে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ।
জৰাজীৰ্ণ পথছোৱাৰ কথা বিভাগীয় কৰ্তৃপক্ষক জনাই আহিছে যদিও কোনো গুৰুত্ব দিয়া নাই স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগে । অতিশীঘ্ৰে পথটোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।