ETV Bharat / state

বকোত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাথৌ পূজা উদযাপন

বকোৰ কঠালপাৰাত মঙলবাৰে উলহ-মালহেৰে উদযাপন কৰা হয় বাথৌ পূজা । অনুষ্ঠানত উপস্থিত থাকে বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ সভাপতি বিষ্ণু বসুমতাৰী, ইউবিপিঅ’ৰ কেন্দ্ৰীয় সদস্য সুনীল বসুমতাৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷

bathow puja
বাথৌ পূজা
author img

By

Published : Jan 26, 2021, 7:25 PM IST

বকো,26 জানুৱাৰী : অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চল বকোৰ কঠালপাৰাত মঙলবাৰে উলহ-মালহেৰে উদযাপন কৰা হয় বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাথৌ পূজা । মাংগলিক অনুষ্ঠান তথা পৰম্পৰাভাৱে কঠালপাৰাৰ ৰাইজে পালন কৰে বাথৌ পূজা ।

বাথৌ পূজা

উল্লেখ্য যে, প্ৰতিবছৰে অসমীয়া মাঘ মাহৰ দ্বিতীয় সপ্তাহৰ মঙলবাৰে অতি উলহ-মালহেৰে বাথৌ পূজা উদযাপন কৰে বড়ো জনগোষ্ঠীয়ে ৷

নিজৰ লগতে দহৰ মংগল কামনা কৰি নেদেখাজনৰ ওচৰত পূজা কৰে অঞ্চলটোৰ ৰাইজে । পূজাস্থলীত মুচালাংনাই নৃত্যও প্ৰদৰ্শন কৰা হয় । মূলতঃ বড়ো জনগোষ্ঠীয়ে সিজু গছক ঈশ্বৰৰ ৰূপত উপস্থাপন কৰি অতীজৰে পৰা পূজা কৰি আহিছে ।

স্বকীয় ৰীতি-নীতিৰে কঠালপাৰাৰ বড়ো ৰাইজে উদযাপন কৰা বাথৌ পূজাৰ লগত সংগতি ৰাখি আয়োজন কৰিছে বহু কাৰ্যসূচীৰ ৷ অনুষ্ঠানত উপস্থিত থাকে বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ সভাপতি বিষ্ণু বসুমতাৰী, ইউবিপিঅ’ৰ কেন্দ্ৰীয় সদস্য সুনীল বসুমতাৰীৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : বিশ্বনাথত গণৰাজ্য দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.