বকো, 6 মে’: পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ পাচতেই সংঘটিত হোৱা হিংসাত্মক ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বুধবাৰে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীতো প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মকৰ্তাসকলে ৷
সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজেৰে দিনৰ 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ গৰৈমাৰী ৰাজহ চক্ৰৰ কাৰ্যালয় প্ৰাংগনত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বিজেপি কৰ্মীসকলে ৷
উল্লেখ্য যে, গৰৈমাৰী মণ্ডল বিজপিৰ সভাপতি আক্ৰাম হুছেইনৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে পশ্চিমবংগত সংঘটিত ৰাজনৈতিক হিংসাত্মক ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে ৷
ইয়াৰ লগতে গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে দলীয় কৰ্মকৰ্তাসকলে ৷
লগতে পঢ়ক : পূৱ বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক