ETV Bharat / state

মিৰ্জাত বাইক চোৰৰ পিঠিত পৰিল ৰাইজৰ ঔকিল

দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত সঘনাই সংঘটিত হৈ আহিছে চুৰি কাৰ্য । মিৰ্জাৰ গোপালপুৰত এখন AS-01-DW-4936 নম্বৰৰ পালচাৰ ২২০ বাইক চুৰ কৰিব লোৱা অৱস্থাতে ৰাইজে হাতে-লোটে ধৰা পেলাই উত্তম-মধ্যম শোধাই গতাই দিয়ে পলাশবাৰী আৰক্ষীক হাতত।

দক্ষিণ কামৰূপৰ মিৰ্জাত বাইক চোৰৰ পিঠিত পৰিল ৰাইজৰ ঔকিল
author img

By

Published : Apr 14, 2019, 4:15 AM IST

আজাৰা,14 এপ্ৰিলঃ মিৰ্জা অঞ্চলটোত দোকান পোহাৰৰ লগতে সঘনাই বৃদ্ধি পাইছে গাড়ী চুৰিৰ ঘটনা । কিছুদিন পূৰ্বে পলাশবাৰী চহৰৰ এখন দোকানত চুইফট ডিজায়াৰ বাহনেৰে আহি লুট পাট চলোৱাৰ ঘটনা সংঘটিত হৈছিল । তাৰ পিছতে শনিবাৰে পুনৰ দক্ষিণ কামৰূপৰ মিৰ্জাত এজন দুধৰ্ষ চোৰ হাটে-লোটে ধৰা পৰিল স্থানীয় ৰাইজৰ হাতত ৷

দক্ষিণ কামৰূপৰ মিৰ্জাত বাইক চোৰৰ পিঠিত পৰিল ৰাইজৰ ঔকিল

মিৰ্জাৰ গোপালপুৰত এখন AS-01-DW-4936 নম্বৰৰ পালচাৰ ২২০ বাইক চুৰ কৰিব লোৱা অৱস্থাতে ৰাইজে হাতে-লোটে ধৰা পেলাই উত্তম-মধ্যম শোধাই গতাই দিয়ে পলাশবাৰী আৰক্ষীক হাতত। চোৰজনৰ পৰা উদ্ধাৰ হয় এটা 9mm পিষ্টলসহ ২ টা সজীৱ গুলী আৰু গাড়ী চুৰি কাৰ্যত ব্যৱহাৰ হোৱা বহুতো সামগ্ৰী । ধৃত চোৰজনৰ নাম বিকাশ বৰ্মন । আনহাতে ৰাইজে চোৰজনক উত্তম-মধ্যম দিয়াৰ ফলত অতি গুৰুত্বৰভাৱে আহত হয় । আহত চোৰটোক ততাতৈয়াকৈ মিৰ্জা চিকিৎসালয়ত ভৰ্তি কৰে যদিও আঘাত গুৰুতৰ হোৱাত GMCH লৈ প্ৰেৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.