ৰঙিয়া,২৬ মাৰ্চ: ৰাজ্যৰ প্ৰতিটো সমষ্টিতে এজনে আনজন প্ৰাৰ্থীক প্ৰত্যাহ্বান জনোৱা দেখা গৈছে । নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰঙিয়া সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মন তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ মাজতো বাকযুদ্ধ তীব্ৰতৰ হৈ উঠিছে ।
ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনক মুকলি প্ৰত্যাহ্বান জনালে জলসিঞ্চন মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাই । ৰঙিয়া সমষ্টিত হৰেশ্বৰ বৰ্মনে প্ৰচাৰ চলোৱা সময়ত জলসিঞ্চনৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ৰাইজৰ মাজত ভিন্ন মন্তব্য কৰিছে । সেই মন্তব্যৰ প্ৰত্যুত্তৰত ভৱেশ কলিতাই হৰেশ্বৰ বৰ্মনক ৰাজনীতি এৰিবলৈ দাবী জনাই ।
ভৱেশ কলিতাই জলসিঞ্চনৰ নিযুক্তি কেলেংকাৰী সঠিক ৰূপত দাঙি ধৰিবলৈ আহ্বান জনাই হৰেশ্বৰ বৰ্মনক নহ'লে ৰাজনীতি এৰি দিবলৈও দাবী জনায় । আনহাতে হৰেশ্বৰ বৰ্মনে ভৱেশ কলিতাৰ বিৰুদ্ধে চাকৰিৰ নামত ধন লোৱাৰ অভিযোগ কৰিছিল । এই অভিযোগ নস্যাৎ কৰি অতিশীঘ্ৰে প্ৰমাণ দিবলৈও হৰেশ্বৰ বৰ্মনক দাবী জনায় ।
বিজেপি চৰকাৰৰ দিনত জালিয়াতি, দালাল ৰাজৰ পৰা সমাজ মুক্ত হৈ আছে বুলি দাবী কৰে ভৱেশ কলিতাই । লগতে তেওঁ দাবী কৰে যে সমাগত নিৰ্বাচনত ৰাইজৰ দলে এক হাজাৰতকৈও কম ভোট লাভ কৰিব ।
লগতে পঢ়ক:প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণঃ যোৰহাটৰ জিলা উপায়ুক্তৰ সংবাদমেল