ETV Bharat / state

চীন চৰকাৰক সকীয়নি বজৰং দলৰ

author img

By

Published : Jun 18, 2020, 7:27 PM IST

সমগ্ৰ দেশতেই চীনৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভৰ বহিঃপ্ৰকাশ ৷ চীনা সামগ্ৰী বৰ্জনৰ আহ্বান বজৰং দলৰ ৷ ৰঙিয়াত তীব্ৰ প্ৰতিবাদ ৷

bajrang party calls for boycotting chinese products
চীনৰ বিৰুদ্ধে ক্ষোভিত জনসাধাৰণ

ৰঙিয়া, 18 জুনঃ ৰঙা চীনৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে সমগ্ৰ দেশ ৷ সীমা বিবাদক কেন্দ্ৰ কৰি সোমবাৰে লাডাখৰ গালৱান সীমান্তত ভাৰতীয় সেনা আৰু চীনা সেনাৰ সংঘৰ্ষৰ পাছতেই চীনৰ বিৰুদ্ধে সমগ্ৰ দেশতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ চীনা সামগ্ৰী বৰ্জনেৰে চীনৰ বিৰুদ্ধে পৰোক্ষ অৰ্থনৈতিক যুদ্ধৰ আহ্বান জনাইছে দেশবাসীয়ে ৷ কামৰূপ জিলাৰ ৰঙিয়াতো ৰঙা চীনৰ বিৰুদ্ধে বৃস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে বজৰং দলৰ কৰ্মী সকলে ৷ হাতে হাতে প্লে কাৰ্ড লৈ ৰাইজক চীনৰ সামগ্ৰী বৰ্জন কৰাৰ বাবে আহ্বান জনালে সংগঠনটোৱে ৷ সোমবাৰে দুয়ো দেশৰ সেনা বাহিনীৰ সংঘৰ্ষত 20 জন জোৱান শ্বহীদ হোৱাৰ লগতে গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত আছে 45 জন জোৱান ৷

লগতে পঢ়কঃ ধৰনীধৰ গোস্বামীক মৰণোত্তৰভাৱে প্ৰাপ্য সন্মান প্ৰদান কৰিব অসম চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.