ETV Bharat / state

বাইহাটাত মথাউৰি নিৰ্মাণক লৈ ৰাইজৰ অসন্তুষ্টি!

author img

By

Published : Feb 18, 2020, 2:47 PM IST

বৰডেকপাৰৰ পৰা বৰম্বৈ লৈকে প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি পুনঃ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰায় ৯০ কোটি টকাৰ আৱন্টন দিছিল। কিন্তু আৱন্টিত ধন ৰাশি এতিয়া এজাক বৰষুণতে ধুই নিয়াৰ আশংকাত ভুগিছে নৈপৰীয়া ৰাইজে।

বাইহাটাত মথাউৰি নিৰ্মাণক লৈ ৰাইজৰ অসন্তুষ্টি!
বাইহাটাত মথাউৰি নিৰ্মাণক লৈ ৰাইজৰ অসন্তুষ্টি!

বাইহাটা,18 ফেব্ৰুৱাৰীঃ ভৰবাৰিষা পুঠিমাৰী নৈয়ে কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে সেয়া ভুক্তভোগীহে জানে । বিগত বৰ্ষত পুঠিমাৰী নৈৰ প্ৰলয়ংকাৰী বানে বাইহাটা চাৰিআলিৰ কমলপুৰৰ কেইবাঠাতো মথাউৰি ছিঙি যি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছতে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে পুঠিমাৰী নৈৰ মথাউৰি পুনৰ নিৰ্মাণৰ বাবে আগবাঢ়ি আহিল যদিও বৰডেকপাৰত মথাউৰি নিৰ্মাণত বিসংগতিৰে কাম কৰা বুলি নৈপৰীয়া ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। নৈৰ বালিৰে মথাউৰি নিৰ্মাণ কৰিবলৈ লোৱাত নৈপৰীয়া ৰাইজে যথেষ্ট অসন্তুষ্টি ব্যক্তি কৰিছে।

Baihata water resource scandle etv bharat news assam
৯০ কোটি টকাৰ মথাউৰি ঠিকাদাৰে বালিৰে নিৰ্মাণ কৰাৰ অভিযোগ

বৰডেকপাৰৰ পৰা বৰম্বৈ লৈকে প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি পুনঃ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰায় ৯০ কোটি টকাৰ আৱন্টন দিছিল। কিন্তু আৱন্টিত ধন ৰাশি এতিয়া এজাক বৰষুণতে ধুই নিয়াৰ আশংকাত ভুগিছে নৈপৰীয়া ৰাইজে। শীঘ্ৰে তথ্য সম্বলিত নামফলক লগাই কাম কৰিবলৈ ঠিকাদাৰ গৰাকীক আহ্বান জনাইছে স্থানীয় ৰাইজে। ইয়াৰ উপৰি গছবোৰৰ গুৰি সমূহ ভালকৈ উভালি নেপালোৱাকৈ মাটি পেলোৱাৰো অভিযোগ স্থানীয় ৰাইজৰ।

ইয়াৰ বিপৰীতে ঠিকাদাৰৰ কৰ্মচাৰীয়ে মথাউৰিৰ পুনৰ নিৰ্মাণ কাৰ্যত কোনো ধৰণৰ বিসংগতি নাই হোৱা বুলি উল্লেখ কৰে। ৰাইজৰ এই অভিযোগ কিমান সত্য সেয়া বিভাগীয় তদন্তৰ পিচতহে পোহৰলৈ আহিব ৷

লগতে চাওকঃ

চীনৰ বাবে গীত জুৰিলে সহস্ৰাধিক নগা বিদ্ৰোহীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.