বাইহাটা চাৰিআলি, ৯ জুন: বাইহাটা চাৰিআলি বৰপলহা গাঁৱৰ ছাত্ৰী জুমি নাথে । পিতৃ মাতৃহীনা জুমি নাথ আৰু দুগৰাকী বায়েকে বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগীয়া হৈছিল । এমএ আৰু বিকম পঢ়ি থকা দুয়োগৰাকী বায়েকে ঘৰে ঘৰে টিউচন কৰি পঢ়াৰ খৰচ উলিয়াইছিল জুমিৰ। অৱশেষত দুই বায়েকৰ সপোন বাস্তৱ কৰি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰেৰে উত্তীৰ্ণ হৈ পঢ়া বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল জুমি।
![Baihata Orphan student good result](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7542265_45_7542265_1591701426958.png)
উল্লেখ্য যে, ২০১৫ চনত এক পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱতি লৈছিল জুমি নাথৰ পিতৃ-মাতৃয়ে । তেতিয়াৰ পৰা জুমিক মাক দেউতাকৰ অভাৱ অনুভব কৰিব দিয়া নাছিল দুয়োগৰাকী বায়েকে । যাৰ বাবে আজি বীৰাঙ্গনাৰ দৰে তিনিও গৰাকী ভগ্নী থিয় দিছে সমাজত । অনাগত দিনত শৈক্ষিক ক্ষেত্ৰৰ লগতে অন্যান্য দিশসমূহতো আগুৱাই যাওঁক,সেয়াই কামনা কৰিছে অঞ্চলবাসীয়ে।