কামৰূপ, 24 অক্টোবৰঃ শুকুৰবাৰে কামৰূপৰ কেন্দুকোনাত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ ৷ ক্ৰচিঙৰ নামত অত্যাধিক সময় মানস ৰাইনো ৰে'লগাড়ী খন ৰখাই থোৱাৰ বাবে উজনিমুৱা যাত্ৰীবাহী ৰে'লগাড়ীখনৰ যাত্ৰীসকলে ৰে'লপথ অৱৰোধ কৰি সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ ৷ ৰে'ল বিভাগ হায় হায়,ৰে'ল আৰক্ষী মুৰ্দাবাদ,মানস ৰাইনো ৰে'লগাড়ীৰ যাত্ৰীৰ সৈতে হেতালি খেলা বন্ধ কৰক আদি শ্ল'গান দি দুঘন্টাৰো অধিক সময় ৰে'ল পথ অৱৰোধ কৰি ৰখাৰ বাবে আৱদ্ধ হৈ পৰে উজনিমুৱা আৰু নামনিমুৱা কেইবাখনো ৰে'লগাড়ী ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ,ৰঙিয়া ৰে'ল সাংমণ্ডলিক বিষয়া কাৰ্যালয়ৰ একাংশ অনা অসমীয়া বিষয়া কৰ্মচাৰীয়ে মানস ৰাইনোৰ যাত্ৰী সকলক দুৰ্ভোগ ভোগাই আহিছে ৷ পাছত ৰে'ল আৰক্ষী আৰু কমলপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
লগতে পঢ়কঃ দাৰিদ্ৰতা নিৰ্মূলৰ অভিনৱ পন্থা : অভিজিত - ডুফ্লোৰ বাস্তৱধৰ্মী প্ৰচেষ্টা