ETV Bharat / state

শুৱালকুছিত আৰম্ভ সাহিত্যৰ মহা উৎসৱ

বস্ত্ৰনগৰী শুৱালকুছিত আৰম্ভ হ’ল অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশন ৷ সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে মামণি ৰয়ছম গোস্বামী সোঁৱৰণি গ্ৰন্থ উৎসৱৰ মূল দ্বাৰ উদঘাটন কৰে ৷

author img

By

Published : Feb 1, 2020, 3:25 AM IST

Assam Sahitya Sabha Suwalkuchi convention starts
শুৱালকুছিত আৰম্ভ সাহিত্যৰ মহা উৎসৱ

শুৱালকুছি, 31 জানুৱাৰীঃ বস্ত্ৰনগৰী শুৱালকুছিত আৰম্ভ হ’ল সাহিত্যৰ মহা উৎসৱ ৷ শুকুৰবাৰে অৰ্থাৎ 31 জানুৱাৰীত অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনৰ গ্ৰন্থ উৎসৱৰ মূল দ্বাৰ উদঘাটন কৰা হয় ৷ অধিৱেশনৰ মূল কাৰ্যসূচীৰ এদিন পূৰ্বে অৰ্থাৎ শুকুৰবাৰে দুপৰীয়া সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে মামণি ৰয়ছম গোস্বামী সোঁৱৰণি গ্ৰন্থ উৎসৱৰ মূল দ্বাৰ উদঘাটন কৰি কয় গ্ৰন্থ অবিহনে কোনো জাতি জীয়াই থাকিব নোৱাৰে ৷ শনিবাৰ অৰ্থাৎ 1 ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব ৷ আনহাতে পৰমানন্দ ৰাজবংশীয়ে তেওঁ উপদেষ্টা হোৱাৰ বিষয়ে কোনোধৰণৰ কথাই নাকচ কৰে ৷ তেওঁ কয় যে উপদেষ্টা পদৰ মই বিৰোধিতা কৰো ৷ এই পদৰ যদি মোক প্ৰস্তাৱ দিয়ে তেন্তে মই সেই প্ৰস্তাৱ নাকচ কৰিম ৷

শুৱালকুছিত আৰম্ভ সাহিত্যৰ মহা উৎসৱ

আনহাতে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাই বৰৱাৰ মূল তোৰণৰ দ্বাৰ মুকলি কৰে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ হিতেশ ডেকাই । ইয়োৰোপৰি ইতিমধ্যে বস্ত্ৰনগৰী শুৱালকুছিৰ জ্যোতিক্ষেত্ৰত অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে সকলো সাজু । বহি:ৰাজ্যৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাৰ পৰা আহিছে শাখা সাহিত্যৰ প্ৰতিনিধিসকল । প্ৰতিনিধিসকলক একোটাকৈ কিট দিয়া হৈছে । কিটত আছে-চাবোন, গামোছা, ডায়েৰী, কলগেট, ফণী, ৰেজৰ, চেভিঙ ক্ৰীম, এটি বেগ, স্মাৰক আদি । এই শিৱিৰ মুকলি কৰে কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তই । প্ৰায় চাৰি হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণৰ আশা কৰিছে প্ৰতিনিধি পঞ্জীয়ন উপ-সমিতিয়ে ।

আৰু পঢ়কঃবাৰেৰহণীয়া কাৰ্যসূচীৰে ৰাজ্যজুৰি পালন মে ডাম মে ফী

Intro:*সাহিত্য সভা Update*

*কাইলৈ শুৱালকুছি অধিবেশনত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা। মই কোনো কাৰণত উপদেষ্টা নহওঁ। মই উপদেষ্টা পদ সৃষ্টিৰ বিৰোধিতা কৰোঁ। প্ৰতিনিধিয়ে প্ৰস্তাৱ দিলেও নাকচ কৰিম মই নিজেই। এই মন্তব্য সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ।*
Bite--Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.