ETV Bharat / state

লাম্পীৰ বিবাদমান পথক লৈ অসম-মেঘালয় প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

অসম-মেঘালয় সীমান্ত লাম্পীত উপস্থিত অসম আৰু মেঘালয় প্ৰশাসন ৷ অসমৰ ভূমিত মেঘালয় চৰকাৰে আগ্ৰাসন চলোৱাৰ অভিযোগ উখাপন হৈছে ৷ অসম ভূমিত নিৰ্মাণ কৰা পথক লৈ মেঘালয় প্ৰশাসনে বাধা প্ৰদান কৰাৰ অভিযোগ উখাপন হৈছে ৷ দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ মাজত কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা ৷

author img

By

Published : Aug 26, 2020, 4:23 PM IST

Assam-Meghalaya border row erupts at Lampi
লাম্পীৰ বিবাদমান পথক লৈ অসম-মেঘালয় প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

বকো, 26 আগষ্ট : কামৰূপ জিলাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ প্ৰায় 2600 ফুট উচ্চতাত অৱস্থিত বকোৰ লাম্পীত কেইদিনমান পূৰ্বে অসমৰ স্থানীয় ৰাইজে নিৰ্মাণ কৰি থকা পথ এটাৰ কামত নিয়োজিত অসমীয়া যুৱকক মেঘালয় আৰক্ষীৰ লোকে নিৰ্মমভাবে কৰা প্ৰহাৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ মাজতে মঙলবাৰে কামৰূপ জিলা প্ৰশাসন আৰু মেঘালয় চৰকাৰৰ প্ৰশাসনিক বিষয়াই যৌথভাবে উক্ত ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷

উল্লেখ্য যে, অসমৰ ভূ-স্বৰ্গ লাম্পীৰ লগতে নিকটৱৰ্তী মাকৈবাৰী, সুন্দৰপুৰ গাঁৱৰ ৰাইজে মাকৈবাৰীৰ পৰা সুন্দৰপুৰলৈ যোৱা অসমৰ পথ এটাৰ মেৰামতিৰ কামত নিয়োজিত হৈ থকা সময়তে মেঘালয় আৰক্ষীৰ এটা বৃহৎ দলে উক্ত গাঁৱৰ ৰাইজ আৰু কাম কৰি থকা যুৱক কেইজনক পথটো মেঘালয়ৰ অন্তৰ্ভূক্ত বুলি কৈ বিভিন্ন দাবি-ধমকিৰে সেই কামত বাধা প্ৰদান কৰাৰ অভিযোগ উখাপন হৈছিল । লগতে, মেঘালয় আৰক্ষীৰ এই কাৰ্যত প্ৰতিবাদ কৰা লাম্পীৰ স্থানীয় যুৱক সম্ভু চেত্ৰী আৰু হৰি থাপাক মেঘালয় আৰক্ষীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি যুৱকদ্বয় সহিতে ৰাস্তাৰ কাম কৰি থকা তিনিগৰাকী নিবনুৱা যুৱক ক্ৰমে সুনেন্দ্ৰ বড়ো, নিপু বড়ো আৰু ৰুনেশ পেগুক মেঘালয় আৰক্ষীয়ে আটক কৰি লৈ যোৱা বুলি জানিব পৰা গৈছিল ।

ইফালে, মেঘালয় আৰক্ষীয়ে প্ৰহাৰ কৰা সম্ভু চেত্ৰী নামৰ যুৱকজন লাম্পী গাঁওৰক্ষী বাহিনীৰ সম্পাদক তথা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লাম্পী আঞ্চলিক কমিটীৰ সম্পাদক আছিল । যাৰবাবে এই ঘটনাকলৈ লাম্পীত তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে মেঘালয় আৰক্ষীয়ে আটক কৰা যুৱক কেইজনক এৰি দিয়াৰ দাবীৰে লাম্পীৰ পহৰা চকী ঘেৰাও কৰিছিল উক্ত দিনাই । পৰৱৰ্তী সময়ত বকো আৰক্ষী থানাৰ আৰক্ষী বাহিনীয়ে লাম্পীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল যদিও উক্ত ঘটনাকলৈ অসম-মেঘালয় সীমান্ত অঞ্চলত বিৰাজ কৰি আছিল চেপা উত্তেজনা আৰু এক আতংকময় পৰিস্থিতিৰ ।

ইফালে, অসম চৰকাৰৰ চৰম হেমাহি আৰু অমনোযোগিতাৰ বাবে 1972 চনত অসম-মেঘালয় ভাগ হোৱাৰ পৰাই সুদীৰ্ঘ বছৰ ধৰি চুবুৰীয়া মেঘালয় ৰাজ্যৰ চৰকাৰে অসমৰ চিৰসেউজ লাম্পী অঞ্চলত আগ্ৰাসন চলাই অহাৰ লগতে অসমৰ মাটিত অসম চৰকাৰৰ কাৰ্যালয় নিৰ্মানত বাধা প্ৰদান আৰু অসমৰ মাটিত মেঘালয়ে অবৈধভাবে অনুষ্ঠান-প্ৰতিষ্ঠান নিৰ্মাণ কৰিব পাৰিছে বুলি অভিযোগ তুলি এই ঘটনাৰ পিচতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাকে ধৰি একাংশ সংগঠনে বকোত সংবাদমেলৰ আয়োজন কৰি মেঘালয় চৰকাৰৰ উক্ত কাৰ্যক তীব্ৰ গৰিহনা জনাইছিল ৷ এনে পৰিস্থিতিৰ মাজতে মঙলবাৰে কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সত্যজিৎ বৰুৱাই বকো থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুপৰ্ণ বনীয়া, পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্তেন্দ্ৰ সিং হাজাৰী আৰু বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুৰজিৎ কলিতাসহ আৰক্ষী আৰু প্ৰশাসনৰ এটা দলক লগত লৈ উপস্থিত হয় লাম্পী অঞ্চলত ৷ তেনে অৱস্থাত মেঘালয় ৰাজ্যৰ পশ্চিম খাচী পাহাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত পি ডি ছাংমা আৰু উপ-আৰক্ষী অধীক্ষক ডেন্টাই খাৰজানাৰ নেতৃত্বত প্ৰশাসনিক বিষয়া-কৰ্মচাৰীৰ দল এটাইও উপস্থিত হয় লাম্পী অঞ্চলত ৷

দুয়োখন ৰাজ্যৰ প্ৰশাসনিক দলটোৰ বিষয়াসকলে অসমৰ লৱাৰ লাম্পী পহৰা চকীৰ কাৰ্যালয়ত এক বৈঠকত মিলিত হয় ৷ পিছত দুয়োখন ৰাজ্যৰ জিলা পৰ্যায়ৰ প্ৰশাসনিক বিষয়া-কৰ্মচাৰীয়ে অসম ভূমিৰ মাকৈবাৰীৰ পৰা সুন্দৰপুৰলৈ যোৱা পথটো পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লয় ৷ দীৰ্ঘসময় ধৰি চলা বৈঠকত সীমান্ত অঞ্চলৰ সমস্যা সমূহৰ সমাধানৰ ওপৰত আলোচনা কৰাৰ লগতে পৰৱৰ্তী সময়ত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ ওপৰত দুয়োখন ৰাজ্যৰ প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে ৷

লক্ষণীয় যে, সূদীৰ্ঘ বছৰে অসমৰ অন্যতম পৰ্যটনস্থলী তথা অসমৰ টাৱাং খ্যাত লাম্পী আৰু ইয়াৰ পাৰ্শৱৰ্তী অঞ্চলৰ অসম ভূমি মেঘালয়ে চাৰ্ভে অৱ ইণ্ডিয়াৰ মানচিত্ৰক আওকান কৰি অবৈধভাবে বেদখল চলাই আহি অসম চৰকাৰ তথা জিলা প্ৰশাসনৰ অস্তিত্ব নোহোৱা কৰি বিভিন্ন সময়ত সংঘটিত কৰি অহা অপ্ৰীতিকৰ পৰিস্থিতৰ ওপৰত অসম চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ সৈতে চৰকাৰী পৰ্যায়ত অসম আৰু মেঘালয়ৰ সৈতে আলোচনা অনুষ্ঠিত হৈছে যদিও লাম্পীকলৈ অসম-মেঘালয় সীমান্তত সৃষ্টি হৈ অহা সমস্যাৰ আজিলৈকে কোনো ফলপ্ৰসূ সমাধান নোহোৱাৰ অভিযোগ উখাপন হৈছে ৷

লগতে পঢ়ক : পত্নীক ডিঙি চেপি হত্যা, আৰক্ষী থানাত আত্মসমৰ্পন দোষীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.