ETV Bharat / state

সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰথম বৰ্ষপূতি অনুষ্ঠান

author img

By

Published : Jul 15, 2020, 10:26 PM IST

ক'ভিড-19 আৰু বানপানীৰ মাজতে বুধবাৰে গোৰেশ্বৰত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰথম বৰ্ষপূতি অনুষ্ঠান পালন কৰা হয় ৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰত বিষ্ণুপ্ৰসাদ ৰাভা ভৱনত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰথম বাৰ্ষিক প্ৰতিস্থা দিৱস আজি গোৰেশ্বৰ আঞ্চলিক সমিতিৰ উদ্যোগত সংগঠনটোৱে পালন কৰে । উল্লেখ্য যে, শেহতীয়াভাবে ৰাজ্যত স্থাপন কৰা টোলগেট সমুহৰ বাবেও চৰকাৰক সমালোচনা কৰাৰ লগতে সাধাৰণ সম্পাদক ছয়েদুৰ ৰহমানে কৃষক নেতা অখিল গগৈক মুক্তি দিবলৈ চৰকাৰক অনুৰোধ কৰে ৷

Foundation day celebration at goreswar .
সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰথম বৰ্ষপূতি অনুষ্ঠান

তামুলপুৰ, 15 জুলাই : ক'ভিড-19 আৰু বানপানীৰ মাজতে বুধবাৰে গোৰেশ্বৰত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰথম বৰ্ষপূতি অনুষ্ঠান পালন কৰা হয় ৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰত বিষ্ণুপ্ৰসাদ ৰাভা ভৱনত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰথম বাৰ্ষিক প্ৰতিস্থা দিৱস আজি গোৰেশ্বৰ আঞ্চলিক সমিতিৰ উদ্যোগত সংগঠনটোৱে পালন কৰে ।

কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সামাজিক দূৰত্ব মানি চলি সংগঠনটোৱে অনুষ্টুপীয়াকৈ পালন কৰে প্ৰতিস্থা দিৱস । সংগঠনটোৱে পতাকা উত্তোলন, শ্বহীদ তৰ্পন, বৃক্ষ ৰোপন কৰাৰ উপৰিও কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে ।

লগতে, প্ৰতিস্থা দিৱসৰ কাৰ্য্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে বিৰাজ তালুকদাৰ আৰু ছয়েদুৰ ৰহমানৰ উপৰিও বহুকেইগৰাকী কেন্দ্ৰীয় নেতা কৰ্মী উপস্থিত থাকে । কেন্দ্ৰীয় সমিতিৰ সভাপতি বিৰাজ তালুকদাৰে প্ৰতিস্থা দিৱস অনুষ্ঠানত কয় যে, সংগঠনটোৱে গ্ৰাম্য অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিব আৰু ভৱিষ্যতে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে চেষ্টা কৰি যাব বুলি কোৱাৰ উপৰিও অখিল গগৈক চৰকাৰে মুক্তি কৰি নিদিয়া কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ উপৰিও অতি সোনকালে অখিল গগৈক মুক্তি কৰি দিবলৈ চৰকাৰক দাবী জনায় ।

উল্লেখ্য যে, শেহতীয়াভাবে ৰাজ্যত স্থাপন কৰা টোলগেট সমূহৰ বাবেও চৰকাৰক সমালোচনা কৰাৰ লগতে সাধাৰণ সম্পাদক ছয়েদুৰ ৰহমানে কৃষক নেতা অখিল গগৈক মুক্তি দিবলৈ চৰকাৰক অনুৰোধ কৰে ৷

লগতে পঢ়ক : বানাক্ৰান্তলৈ ৰকিবুল-গৌৰৱে আনিলে চানা-পপকৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.