ETV Bharat / state

UK civil service: ইংলেণ্ডৰ পৰিবহণ মন্ত্ৰণালয়ত নিযুক্তি লাভ অসমৰ প্ৰিয়মৰ

ইংলেণ্ডত জিলিকিল অসম কন্যা । ইংলেণ্ডৰ সৰ্বোচ্চ অসামৰিক পৰীক্ষাত অসমৰ যুৱতীৰ সাফল্য । কমলপুৰ সমষ্টিৰ অন্তৰ্গত পুঠিমাৰীৰ নগাঁও গাঁৱৰ প্ৰিয়ম ডেকা নিৰ্বাচিত হ'ল UK civil service ৰ বাবে ।

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 6:24 PM IST

Priyam Dekas success in UK civil service exam
UK civil service পৰীক্ষাত প্ৰিয়ম ডেকাৰ সাফল্য

ৰঙিয়া, ৩ নৱেম্বৰ: ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী অসম কন্য়াই । ইংলেণ্ডৰ সৰ্বোচ্চ অসামৰিক পৰীক্ষাত অসমৰ যুৱতীৰ সাফল্য । UK civil service ৰ বাবে নিৰ্বাচিত হৈছে অসমৰ প্ৰিয়ম ডেকা । ইংলেণ্ডৰ পৰিবহণ মন্ত্ৰণালয়ৰ কেবিনেট সচিবৰ কাৰ্যালয়ত নিযুক্তি লাভ কৰে যুৱতী গৰাকীয়ে । পৰিবহণ মন্ত্ৰীৰ পৰামৰ্শ, পলিচি মেকিং আদি দৰে গধুৰ দায়িত্ব তেওঁৰ ওপৰত । চলিত বৰ্ষত এই পৰীক্ষাত সফলতা লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয় ।

প্ৰিয়ম ডেকাৰ স্থায়ী ঘৰ কামৰূপৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত পুঠিমাৰীৰ নগাঁও গাঁৱত । উচ্চতৰ মাধ্যমিকলৈ দিল্লীত অধ্যয়ন কৰা প্ৰিয়মে পৰৱৰ্তী শিক্ষা ইংলেণ্ডত গ্ৰহণ কৰিছিল । বিশ্বৰ কঠিন পৰীক্ষাবোৰৰ ভিতৰত UK civil service ও অন্যতম । উল্লেখযোগ্য যে, তেওঁৰ পিতৃ উৎপল ডেকাই ১৯৮৫ চনত মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰত অষ্টম স্থান লাভ কৰিছিল ।

ৰঙিয়াৰ প্ৰিয়ম ডেকাৰ সাফল্যত সমগ্ৰ অসম এতিয়া গৌৰৱান্বিত । যিদৰে UPSC উত্তীৰ্ণ হ'লে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হয়, সেইদৰেই সমানে প্ৰতিযোগিতা থকা এই UK Civil Service পৰীক্ষাত উত্তীৰ্ণ হৈ ৰঙিয়াৰ প্ৰিয়ম ডেকাই লাভ কৰিছে এই গধুৰ দায়িত্ব । কথাতে কয়, শিপা ভাল হ'লেহে গছ ভাল হয়, পৰিয়ালৰ সকলোবোৰ লোকেই উচ্চ শিক্ষিত প্ৰিয়ম ডেকাৰ । সমাজত আঠাৰা নগাঁৱৰ এই ডেকা পৰিয়ালৰ এক সুনাম আছে । পঢ়াত পাকৈত প্ৰিয়ম ডেকা পিতৃ-মাতৃও ।

যাৰ বাবে তেওঁলোকৰ সন্তানেও আজি এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে । বিশ্বৰ এক অন্যতম কঠিন পৰীক্ষাত প্ৰিয়ম ডেকাৰ সফলতাই উৎফুল্লিত কৰি তুলিছে অসমবাসীক । ইফালে প্ৰিয়মৰ এই সাফল্যৰ খবৰ পোৱাৰ পাছতে আনন্দৰ বন্যা বৈছে প্ৰিয়মৰ ৰঙিয়াত থকা বাসগৃহত । আত্মীয়সকলেও উৎফুল্লিত হৈ প্ৰিয়মৰ সাফল্যত গৌৰৱ অনুভৱ কৰা বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Raijor Dal: ৰাইজৰ দলৰ নেতা জ্ঞানেন চক্ৰৱৰ্তীৰ জামিন লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.