ETV Bharat / state

ৰাজ্য চৰকাৰৰ মাদ্ৰাছা বিলুপ্তিকৰণৰ সিদ্ধান্তক আদৰণি অসম গৰিয়া পৰিষদৰ

author img

By

Published : Jan 3, 2021, 3:57 PM IST

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লোৱা সিদ্ধান্তক যুগান্তকাৰী আখ্যা অসম গৰিয়া পৰিষদৰ । মাদ্ৰাছা বিলুপ্তিকৰণ কোনোপধ্যেই ইছলাম বিৰোধী নহয় ৷ বৰং ৰক্ষণশীলতা, মৌলবাদ আৰু সাম্প্ৰদায়িকতাৰ পৰা ভৱিষ্যতৰ মুছলমান প্ৰজন্মক ৰক্ষা কৰিব বুলি মন্তব্য কৰে অসম গৰিয়া পৰিষদৰ সভাপতি ৰহমচা আলীৰ ।

ৰাজ্য চৰকাৰৰ মাদ্ৰাছা বিলুপ্তিকৰণৰ সিদ্ধান্তক আদৰণি অসম গৰিয়া পৰিষদ

ৰঙিয়া,3জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ মাদ্ৰাছা বিলুপ্তিকৰণৰ সিদ্ধান্তক আদৰণি অসম গৰিয়া পৰিষদৰ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লোৱা সিদ্ধান্তক যুগান্তকাৰী আখ্যা অসম গৰিয়া পৰিষদৰ । মাদ্ৰাছা বিলুপ্তিকৰণ কোনোপধ্যেই ইছলাম বিৰোধী নহয় ৷ বৰং ৰক্ষণশীলতা, মৌলবাদ আৰু সাম্প্ৰদায়িকতাৰ পৰা ভৱিষ্যতৰ মুছলমান প্ৰজন্মক ৰক্ষা কৰিব বুলি মন্তব্য কৰে অসম গৰিয়া পৰিষদৰ সভাপতি ৰহমচা আলীৰ । লগতে আধুনিক বিশ্বৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰখনত মুছলমান প্ৰজন্মক আগুৱাই নিয়াত ই সহায় কৰিব বুলি মন্তব্য কৰে অসম গৰিয়া পৰিষদৰ সভাপতি গৰাকীয়ে ।

ৰঙিয়া প্ৰেছ ক্লাবত দেওবাৰে অনুষ্ঠিত হোৱা এখন সংবাদ মেলত গৰিয়া পৰিষদে ধৰ্মীয় মাদ্ৰাছা শিক্ষাৰ পৃষ্ঠপোষক বদৰুদ্দিন আজমলক তীক্ষ্ণ সমালোচনা কৰে । আজমলে ইছলামিক শিক্ষাৰ নামত মুছলমান সকলক পিছলৈহে লৈ গৈছে । আজমল কেৱল ধৰ্মৰ আধাৰত চিন্তা কৰা এজন ব্যক্তি, যিয়ে মুছলমান সমাজৰ আধুনিক আৰু সাধাৰণ শিক্ষাৰ কথা চিন্তা নকৰে । বেচৰকাৰী মাদ্ৰাছা ব'ৰ্ড সমূহৰ নিয়ন্ত্ৰক আজমলে কেৱল ডুবাইৰ কথাহে ভাৱে, আমেৰিকাৰ কথা ভাৱিব নোৱাৰে বুলি কয় গৰিয়া পৰিষদে ।

আনহাতে চৰকাৰে খিলঞ্জীয়া মুছলমান সকলৰ উন্নয়নৰ বাবে যি খিলঞ্জীয়া মুছলিম উন্নয়ন ব'ৰ্ড গঠনৰ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে সেই ক্ষেত্ৰত গৰিয়া পৰিষদে আপত্তি কৰে । এই ব'ৰ্ডখনৰ অধীনত একাংশ স্বয়ম্ভূ অসমীয়া আৰু সন্দেহজনক বাংলাদেশীক চামিল কৰিব বিচৰা বুলি গুৰুতৰ অভিযোগ কৰে সংগঠনটোৱে । ২৫ লাখ খিলঞ্জীয়া মুছলমানৰ পৰিৱৰ্তে ১ কোটি মুছলমানক এই ব'ৰ্ডৰ অধীনত চামিল কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে গৰিয়া পৰিষদে । চৰকাৰৰ এনে সিদ্ধান্তৰ বাবে এটা জনগোষ্ঠীৰ থলুৱা পৰিচয় আৰু অধিকাৰ খৰ্ব কৰাৰ লগতে উন্নয়নৰ পথ ৰুদ্ধ কৰিব বুলি উদ্বিগ্নতা প্ৰকাশ কৰে সংগঠটোৱে । একেদৰে সংগঠনটোৱে খিলঞ্জীয়া মুছলমান উন্নয়ন ব'ৰ্ডৰ পৰিৱৰ্তে প্ৰায় ২০ বছৰ ধৰি দাবী জনাই অহা ২৫ লাখ গৰিয়া জনগোষ্ঠীক সামৰি গৰিয়া উন্নয়ন পৰিষদ গঠন কৰিবলৈ চৰকাৰক দাবী জনায় ।

লগতে পঢ়কঃ চিকিৎসালয়ত ভৰ্তি কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.