ETV Bharat / state

সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ কৰ্মকাণ্ডত ক্ষুব্ধ অসম গৰিয়া মৰিয়া পৰিষদ - asom goriya porisod pressmeet

সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ কৰ্মকাণ্ডত ক্ষুব্ধ অসম গৰিয়া মৰিয়া জাতীয় পৰিষদ । সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালক তুলাধূনা অসম গৰিয়া মৰিয়া জাতীয় পৰিষদৰ । গৰিয়া উন্নয়ন পৰিষদৰ কমিটিখন শুধৰাই ২১ জনীয়া কমিটিৰ পৰিবৰ্তে ৪৫ জনীয়া কমিটি গঠন কৰাৰ দাবী সংগঠনটোৰ ।

অসম গৰিয়া পৰিষদৰ সংবাদমেল
অসম গৰিয়া পৰিষদৰ সংবাদমেল
author img

By

Published : Feb 20, 2021, 2:02 PM IST

ৰঙিয়া, ২০ ফেব্ৰুৱাৰী: অসম চৰকাৰে গৰিয়া উন্নয়ন পৰিষদ গঠন কৰাৰ পিছতে সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ কৰ্মকাণ্ডত ক্ষুব্ধ হৈ পৰিছে অসম গৰিয়া মৰিয়া জাতীয় পৰিষদ । শনিবাৰে ৰঙিয়া প্ৰেছ ক্লাবত অসম গৰিয়া মৰিয়া জাতীয় পৰিষদৰ উপদেষ্টা আব্দুল হামিদে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব‍্যক্ত কৰে । এবছৰ পূৰ্বে চৰকাৰে গৰিয়া উন্নয়ন পৰিষদত ৪৫ জন সদস্য থকাৰ কথা ৰাজ্যৰ ৩৩ খন কমিটীক জাননী প্ৰদান কৰি জানিবলৈ দিয়ে ।

অসম গৰিয়া পৰিষদৰ সংবাদমেল

কিন্তু সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে তেওঁৰ মৈমতালিৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক অন্ধকাৰত ৰাখি ২১ জনীয়া কমিটী এখন গঠন কৰিছে । ব‍্যক্তিগত লাভালাভৰ বাবে পাবত গজা একাংশ লোক আৰু সংগঠন লৈ মমিনুল আৱালে এই কমিটী গঠন কৰিছে বুলি ক্ষোভ উজাৰে অসম গৰিয়া মৰিয়া পৰিষদৰ উপদেষ্টা আব্দুল হাকিমে ।

অসম গৰিয়া পৰিষদৰ সংবাদমেল

সংবাদমেলৰ জৰিয়তে গৰিয়া উন্নয়ন পৰিষদৰ কমিটীখন শুধৰাই ২১ জনীয়া কমিটীৰ পৰিৱৰ্তে ৪৫ জনীয়া কমিটী গঠন কৰিবলৈ আহ্বান জনোৱাৰ লগতে নিৰ্বাচনৰ পূৰ্বে ২০০ কোটি টকা আৱন্টন দিয়াৰ বাবে দাবী জনায় আব্দুল হাকিমে ।

ইফালে, নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বে কমিটী গঠন কৰাটো ললীপপ আখ্যা দি হাকিমে কয় যে কমিটীখন নামত বনাই থলে নহ'ব । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালতো এনেধৰণৰ কমিটী বনোৱা হৈছিল যদিও আজি পৰ্যন্ত কামত নাহিল বুলি ক্ষোভ উজাৰে সংগঠনটোৱে ।

লগতে পঢ়ক:চতুৰ্থ দিনাও কাৰ্বি যুৱ মহোৎসৱকলৈ উখল-মাখল তাৰালাংছ'ৰ বাকৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.