গুৱাহাটী, 27 আগষ্টঃ বিশুদ্ধ খোৱাপানীৰ বটল ক্ৰয় কৰোঁতে সাৱধান। বিশুদ্ধ পানীৰ নামত বজাৰত বিক্ৰী হৈ আছে বৰবিহ। ৰাজ্যত বিশুদ্ধ খোৱাপানী যোগানৰ নামত দোকানসমূহত একাংশ কোম্পানীয়ে যোগান ধৰিছে বৰবিহ | খাদ্য অসামৰিক যোগান বিভাগৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অকৰ্মণ্যতাৰ বাবে ৰাজ্যত পানী প্ৰস্তুত কৰা কোম্পানীয়ে এনেদৰে বৰবিহ খুৱাইছে জনসাধাৰণক।
এটুপি বিশুদ্ধ পানীৰ নামত CLARITY নামৰ প্ৰতিষ্ঠানটোৱে গ্ৰাহকক খুৱাইছে বৰবিহ ৷ পানীৰ নামত বিষাক্ত বিজাণুযুক্ত খোৱাপানী বিক্ৰী কৰি আহিছে CLARITY পানী নামৰ কোম্পানীটোৱে ৷ বিজ্ঞান সন্মতভাৱে প্ৰস্তুত কৰা এই বিশুদ্ধ খোৱা পানীৰ বটলত সৃষ্টি হৈছে বেক্টেৰিয়া শেলুৱৈ ৷ উৎকট গৰমত আমিনাগাঁৱত এগৰাকী গ্ৰাহকে পানী ক্ৰয় কৰোতেই পোহৰলৈ এই ভয়ংকৰ ঘটনা ৷ পানী কোম্পানী সমূহে কোনোধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈয়ে বজাৰত মেলি দিয়ে বিশুদ্ধ খোৱাপানী আৰু বিশুদ্ধ বুলি সেৱন কৰা এই পানীৰ ফলতেই বিভিন্ন ৰোগত ইতিমধ্যে আক্ৰান্ত হৈছে বহুজন ৷ খাদ্য সুৰক্ষা বিভাগে পানীৰ নামত বৰবিহ বিক্ৰী কৰা এই সমূহ পানী কোম্পানীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই সংঘটিত হৈ আহিছে এই ঘটনা ৷ এইক্ষেত্ৰত CLARITY পানী কোম্পানীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয় ৷